হোজাই, ৭ মাৰ্চ: ৰাজ্যত ক্ৰমাৎ গৰম হৈছে নিৰ্বাচনী বতাহ । সমান্তৰালকৈ অব্যাহত আছে প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত । সদ্য প্ৰকাশিত কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ অসন্তুষ্ট কংগ্ৰেছৰ ভিতৰ চ’ৰাতো । লামডিং সমষ্টিতো দেখা গ'ল কংগ্ৰেছ দলৰ দলীয় কৰ্মীৰ মাজত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাত । বিশ্বজিৎ ৰায় চৌধুৰীৰ টিকটৰ দাবীত লংকা-লামডিং ৰজপথত শতাধিক কংগ্ৰেছীৰ প্ৰতিবাদ । অৱশ্যে বৰ্তমানো ঘোষণা হোৱা নাই লামডিং সমষ্টিৰ প্ৰাৰ্থীৰ নাম ।
লামডিঙত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতত উত্তাল ৰাজপথ - শতাধিক কংগ্ৰেছীৰ প্ৰতিবা
লামডিঙত বিশ্বজ্যোতি ৰায় চৌধুৰীৰ সমৰ্থনত ৰাজপথত প্ৰতিবাদ । বিশ্বজিৎ ৰায় চৌধুৰিক টিকট নিদিলে অন্য দলত যোগদান কৰাৰ হুংকাৰ কংগ্ৰেছ কৰ্মীসকলৰ । দল বাগৰা নেতা স্বপন কৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰী সকলৰ ।

লামডিঙত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতত উত্তাল ৰাজপথ
লামডিঙত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাতত উত্তাল ৰাজপথ
যদিও নাম ঘোষণা হোৱা নাই সপন কৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি কংগ্ৰেছৰ একাংশ দলীয় কৰ্মীয়ে বিশ্বজ্যোতি ৰায় চৌধুৰীৰ সমৰ্থনত ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। কংগ্ৰেছ কৰ্মীসকলে বিশ্বজিৎ ৰায় চৌধুৰী জিন্দবাদ ধ্বনিৰে উত্তাল কৰি তোলে লংকা-লামডিং ৰাজপথ । কংগ্ৰেছ দলে বিশ্বজিৎ ৰায় চৌধুৰিক টিকট নিদিলে অন্য দলত যোগদান কৰাৰ হুংকাৰ দিয়ে কংগ্ৰছ কৰ্মীসকলে । লগতে দল বাগৰা নেতা আখ্যা দিয়ে স্বপন কৰক ।
লগতে পঢ়ক: কেক কাটি প্ৰাৰ্থিত্ব লাভৰ আনন্দ প্ৰকাশ বলিন চেতিয়াৰ