হোজাই, 14 ছেপ্তেম্বৰ: হোজাইৰ লংকাত মন্দিৰৰ ভূমিক লৈ বিবাদ দুটা ফৈদৰ মাজত ৷ লংকাস্থিত লংকেশ্বৰী নাট্য মন্দিৰৰ ভূমিক লৈ দুটা ফৈদৰ মাজত বিৰাজ কৰিছে উত্তেজনাই ৷ ভূমিডৰাক লৈ লংকেশ্বৰী মন্দিৰ পৰিচালনা সমিতি আৰু চট পূজা সমিতিৰ মাজত বিৰাজ কৰিছে উত্তেজনাই ৷ উল্লেখ্য যে, বিহাৰী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সকলে অতীজৰে পৰাই লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত পালন কৰি আহিছে চট পূজা ৷ কিন্তু লংকেশ্বৰী মন্দিৰৰ পৰিচালনা সমিতিয়ে সেই ভূমিত এটা অতিথিশালা স্থাপনৰ উদ্যোগ লৈছে ৷ তাকে লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷
লংকাত মন্দিৰৰ ভূমিক লৈ দুই ফৈদৰ মাজত উত্তেজনা
অতীজৰে পৰাই লংকাস্থিত লংকেশ্বৰী নাট্য মন্দিৰৰ সমীপত বিহাৰী আৰু মাৰোৱাৰী সম্প্ৰদায়ৰ লোক সকলে চট পূজা পালন কৰি আহিছে ৷ কিন্তু সেই ভূমিত মন্দিৰ পৰিচালনা সমিতিৰ লোকে অতিথিশালা নিৰ্মাণৰ বাবে লোৱা সিদ্ধান্তৰ বাবে সোমবাৰে দুয়োটা ফৈদৰ মাজত সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷
লংকেশ্বৰী পৰিচালনা সমিটিৰ গৃহ নিৰ্মাণত বাধা আৰোপ কৰে চট পূজা সমিতিয়ে ৷ পৰিস্থিতি উত্তপ্ত হোৱাত পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷ ঘটনা সন্দৰ্ভত মন্দিৰ পৰিচালনা সমিতিয়ে লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ জানিব পৰা মতে, চৰকাৰে অসমৰ ধৰ্মীয় স্থলসমূহলৈ আগবঢ়োৱা অনুদানেৰে লংকেশ্বৰী মন্দিৰ পৰিচালনা সমিতিয়ে অতিথিশালাটো নিৰ্মাণ কৰিব বিচাৰিছিল ৷ সোমবাৰে সেই অতিথিশালাৰ আধাৰশিলা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে উদ্বোধন কৰাৰ কথা আছিল ৷ কিন্তু সেই স্থানত সৃষ্টি হোৱা উত্তেজনামূলক পৰিস্থিতিৰ পাচত ঘটনাস্থলীলৈ যোৱা কাৰ্যসূচী বাতিল কৰে বিধায়ক গৰাকীয়ে ৷
লগতে পঢ়ক:গোৱালপাৰাত অব্যাহত ব্ৰহ্মপুত্ৰৰ খহনীয়া