হোজাই,20 মাৰ্চ:হোজাইৰ জিলাৰ লংকাত বিজেপি আৰু কংগ্ৰেছ কৰ্মী সকলৰ মাজত হোৱা খণ্ডযুদ্ধই শুকুৰবাৰে নিশা এক গুৰুতৰ সংঘাতৰ ৰূপ লয় ৷ এই নিৰ্বাচনকেন্দ্ৰিক সংঘাতৰ পাছতে বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে আৰু কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে প্ৰহাৰ কৰাৰ অভিযোগ আনিছে ৷ বিজেপি কৰ্মীসকলে কংগ্ৰেছ কৰ্মীয়ে তেওঁলোকক মাৰপিট কৰাৰ অভিযোগ উত্থাপন কৰাৰ পৰিৱৰ্তে কংগ্ৰেছৰ কৰ্মীসকলেও অনুৰূপ অভিযোগ উত্থাপন কৰি বিজেপি কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা বুলি জানিবলৈ দিছে ৷
ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে নিশা লংকা ক্ৰীড়া সন্থাৰ খেলপথাৰত এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানে আয়োজন কৰা এক অনুষ্ঠানত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত হোৱা বাকযুদ্ধই সংঘাতৰ ৰূপ লয় ৷ ঘটনাৰ ফলত বিজেপি কৰ্মী বাপ্পী শীল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ লংকা প্ৰাথমিক চিকিৎসালয়ত চিকিৎসাধীন হ'বলগীয়া হয় ৷