হোজাই,8 জানুৱাৰী:দলীয় কৰ্মীৰ সংঘাতে যেন লগ নেৰা হ'ল কংগ্ৰেছ দলক ৷ শুকুৰবাৰে যমুনামুখ সমষ্টিৰ মোৰাঝাৰত কংগ্ৰেছৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হোৱা এখন সভাত কংগ্ৰেছৰ দুই ফৈদৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷
জানিব পৰা অনুসৰি দীৰ্ঘ দিনৰ পৰা যমুনামুখ কংগ্ৰেছৰ দুই-ফৈদৰ মাজত চলি আছিল শীতল যুদ্ধ ৷ শুকুৰবাৰে সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত সংঘাতে ল'লে চূড়ান্ত ৰূপ ৷ প্ৰাপ্ত খবৰ অনুসৰি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানৰ নাম উচ্চাৰণ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এই পৰিস্থিতিৰ ৷