হোজাই, 11 ছেপ্টেম্বৰ :শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় হোজাই জিলা সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ অধিৱেশন (Conclude Hojai District Sahitya Sabha) ৷ লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰত লংকা আঞ্চলিক সাহিত্য সভাৰ উদ্যোগত আয়োজিত হয় এই অধিৱেশন ৷ এই অধিৱেশনৰ দ্বিতীয় দিনাৰ পুৱাৰ ভাগত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাও বাহিৰ কৰা হয় ৷
তাৰ পাচতে পৰৱৰ্তী সময়ত কাৰ্যসূচী অনুসৰি বঁটা বিতৰণী আৰু মুকলি সভাৰ আয়োজন কৰা হয় (Hojai District Sahitya Sabha) ৷ উক্ত মুকলি সভা অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী সাহিত্য সভাৰ সচিৱ মনজিৎ সিং ৷ এই মুকলি সভাতেই পূৰ্বৰ হোজাই জিলা সাহিত্য সভাৰ সভাপতি গুণেশ্বৰ শইকীয়াই জিলা সভাপতিৰ দায়িত্ব অৰ্পন কৰে ইন্দজিৎ বেজবৰুৱাক ৷
লগতে হোজাই জিলা সাহিত্য সভাৰ সম্পাদকৰ দায়িত্ব লাভ কৰে বিৰাজ কুমাৰ বৰাই ৷
ইন্দজিৎ বেজবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত মুকলি সভাত বহু কেইখন গ্ৰন্থ উন্মোচন কৰাৰ উপৰিও সমাজলৈ বৰঙণি আগবঢ়োৱা বিশিষ্ট সমাজকৰ্মী, সাহিত্যিক তথা বিশিষ্ট কেইবাজনো ব্যক্তিক বঁটা প্ৰদান কৰা হয় ৷ ইয়াৰে ভিতৰত উপেন্দ্ৰ বৰকটকীক হোজাই জিলাৰ সৰ্বোত্তম বঁটা দুলাল চন্দ্ৰ সোঁৱৰণী প্ৰজ্ঞাৰত্ন বঁটা আগবঢ়োৱা হয় ৷
লগতে পঢ়ক :আকৌ এঘৰীয়া: গাহৰি পোহাৰ বাবাই জুয়ে-পানীয়ে নিষেধ এটা পৰিয়ালক