অসম

assam

ETV Bharat / state

ৰক্ষকেই যেতিয়া ভক্ষক হয় - crime on women

হোজাইৰ মোৰাঝাৰত মহিলাৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগত আৰক্ষী বিষয়াৰ ওপৰত গোচৰ ৰুজু । পুৱতি নিশা মহিলাৰ বেডৰুমত কৰিছিল অনাধিকাৰ প্ৰৱেশ । পৰিস্থিতি উত্তপ্ত হোৱাত আৰক্ষী বিষয়াৰ ঘটনাস্থলীৰ পৰা পলায়ন ।

মোৰাঝাৰত মহিলাৰ শ্লীলতা হানিৰ চেষ্টাৰ অভিযোগত আৰক্ষী বিষয়াৰ ওপৰত গোচৰ ৰুজু

By

Published : Jul 26, 2019, 9:22 AM IST

নগাঁও, ২৬ জুলাই : মোৰাঝাৰত এগৰাকী আৰক্ষী বিষয়াই সংঘটিত কৰিলে নিৰ্লজ্জ কাণ্ড । মোৰাঝাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া মনিসেনা সিঙে ন পুৱাতে এগৰাকী মহিলাৰ বাসগৃহত অনাধিকাৰ প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । মহিলা গৰাকীৰ শ্লীলতা হানিৰ চেষ্টা কৰাৰ অভিযোগত স্থানীয় লোকে আৱদ্ধ কৰে আৰক্ষী বিষয়াজনক । অভিযোগ অনুসৰি হাফপেন্ট টি চাৰ্ট পৰিহিত মনিসেনা সিঙে বৃহস্পতিবাৰে কাহিলী পুৱাতে অনাধিকাৰ প্ৰৱেশ কৰিছিল মোৰাঝাৰৰ এগৰাকী মহিলাৰ বেডৰূমত । এগৰাকী কনিষ্টবলক লগত লৈ মনিসেনা সিঙে নিদ্ৰামগ্ন অৱস্থাত থকা মহিলাগৰাকীৰ কোঠাত প্ৰৱেশ কৰাৰ পিছতেই সৃষ্টি হয় এই পৰিস্থিতিৰ । পাছত মহিলা গৰাকীয়ে চিঞৰ বাখৰ কৰাত তেওঁৰ পৰিয়ালৰ লোক উপস্থিত হৈ বিষয়াগৰাকীক লম্ফ জম্ফ কৰে । কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে তাতেই ক্ষান্ত নাথাকি পলাবলৈ চেষ্টা কৰি প্ৰহাৰ কৰে এগৰাকী মহিলাক যাৰ ফলত তেওঁৰ কোলাত থকা কণমানি সন্তানটো মাটিত পৰি আঘাতপ্ৰাপ্ত হয় । বিষয়াগৰাকীৰ বিৰুদ্ধে মোৰাঝাৰ আৰক্ষী থানাতে মহিলাগৰাকীয়ে দিয়া গোচৰৰ ভিত্তিত 309/19 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 448,354(A),325,354, ধাৰাৰ অধীনত এটা গোচৰ ইতিমধ্যে ৰুজু হৈছে। এতিয়া সকলোৰে অপেক্ষা মাথো আৰক্ষীৰ নিৰপেক্ষ তদন্তলৈ ।

ৰক্ষকেই যেতিয়া ভক্ষক হয়

ABOUT THE AUTHOR

...view details