হোজাই, 18 জুলাই :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ প্ৰতিদিনাই অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী ৷ উৎখাত কৰা হৈছে বহু ড্ৰাগছৰ ঘাটিও ৷
ড্ৰাগছ বিৰোধী অভিযানৰ লগত সংগতি ৰাখি দেওবাৰে হোজাই জিলাৰ লংকা শংকৰদেৱ নগৰ খেলপথাৰত অনুষ্ঠিত কৰা হৈছে ড্ৰাগছ বিনষ্টকৰণ অনুষ্ঠান । দেওবাৰে হোজাই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত হোজাই আৰক্ষীয়ে জব্দ কৰা ড্ৰাগছ (Drugs) দাহ কৰা হ’ব ৷ এই অনুষ্ঠানত ৩২৪.৭৩২ গ্ৰাম হেৰ’ইন, ১০১৫ কিলো ৬২৭ গ্রাম গাঞ্জা আৰু ৩৫,৫২২ টা নিচাযুক্ত টেবলেট দাহ কৰা হ’ব ৷
প্ৰাপ্ত তথ্য অনুসৰি, এই অনুষ্ঠানত উপস্থিত থাকিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma), লগতে উপস্থিত থাকিব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (Bhaskarjyoti Mahanta) আৰু লামডিং সমষ্টিৰ বিধায়কগৰাকীও ৷ যাৰ বাবে লংকা শংকৰদেৱ নগৰ খেলপথাৰত নিৰাপত্তা ব্যৱস্থা কঠকটীয়া কৰি তোলা হৈছে ৷ নিৰাপত্তা ব্যৱস্থা দিশটো নিজে পৰ্যবেক্ষণ কৰিছে হোজাই জিলাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷