অসম

assam

ETV Bharat / state

মামাই মোক দিয়া কথা ৰাখিলে: প্ৰিয়ালৈ নগদ ২৫ হাজাৰ টকা মুখ্যমন্ত্ৰীৰ - মামাই মোক দিয়া কথা ৰাখিলে

প্ৰিয়াৰ সপোনক বাস্তবায়িত কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰিয়ালৈ নগদ ২৫ হাজাৰ টকাৰ চেক প্ৰদান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ(CM Himanta Biswa Sharma gives cheque to Priya) ৷

CM Himanta Biswa Sharma gives cheque of Rs 25,000 to Priya
CM Himanta Biswa Sharma gives cheque of Rs 25,000 to Priya

By

Published : Jul 12, 2022, 9:23 PM IST

হোজাই, 12 জুলাই : কথামতেই কাম ৷ আকৌ এবাৰ ৰাজ্যৰ দক্ষ মুখ্যমন্ত্ৰী শীৰ্ষক উপাধিটোক সঁচা বুলি প্ৰমাণ কৰি দেখুৱালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma visited Hojai) ৷ প্ৰিয়াক হেণ্ডশ্বেক কৰি মুখ্যমন্ত্ৰীয়ে সুধিছিল খবৰ ৷ প্ৰিয়াৰ সপোনক বাস্তৱত পূৰ্ণতা দিয়াৰ কথা দিছিল "মামা" তথা মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ মামাক কাষত পাই আবেগিক হৈ পৰিছিল প্ৰিয়া ৷

যোৱা সোমবাৰে বানাক্ৰান্তক খবৰ লোৱাৰ বাবে হোজাই জিলাত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰযোগে হোজাইৰ ৰাজবাৰীত অৱতৰণ কৰি পোনে পোনে উপস্থিত হৈছিল হোজাইৰ দক্ষিণ কেন্দুগুৰিত ৷ তেওঁ কেন্দুগুৰিৰ কপিলীৰ খহনীয়া আৰু ছিগা মথাউৰি পৰিদৰ্শন কৰি নভঙা অঞ্চলৰ হাইলেণ্ড পৰিদৰ্শন কৰে । হাইলেণ্ড পৰিদৰ্শন কৰা সময়তে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰিয়া দাস নামৰ বিশেষভাৱে সক্ষম দৰিদ্ৰ যুৱতীগৰাকীক লগ পাইছিল ৷ মুখ্যমন্ত্ৰীগৰাকীক কাষত পাই নিজৰ দুখ দুৰ্দশাৰ কথা ব্যক্ত কৰে প্ৰিয়াই ৷ মুখ্যমন্ত্ৰীয়ে প্ৰিয়াক অচিৰেই সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷

মামাই মোক দিয়া কথা ৰাখিলে

উক্ত কথা ৰাখি হোজাই জিলা প্ৰশাসনৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে সক্ষম প্ৰিয়া দাস নামৰ যুৱতী গৰাকীক মঙলবাৰে ২৫ হাজাৰ টকাৰ চেক প্ৰদান কৰে (CM Himanta Biswa Sharma gives cheque to Priya)৷ ইয়াৰ লগতে তেজেন্দ্ৰ দাসক 10 হাজাৰ টকাৰ চেক প্ৰদান কৰে জিলা উপায়ুক্ত আৰু বিধায়ক ৰামকৃষ্ণ ঘোষে ৷

বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু উপায়ুক্ত অনুপম চৌধুৰীয়ে নিজে গৈ যুৱতীগৰাকীক চেক প্ৰদান কৰি আগন্তুক দিনত সহায়ৰ আশ্বাস দিয়ে ৷ চেক গ্ৰহণ কৰি আনন্দত আত্মহাৰা হৈ পৰে যুৱতীগৰাকী আৰু পৰিয়ালৰ লোক ৷

আবেগিক হৈ প্ৰিয়াই সংবাদমাধ্যমক কয় যে -মামাই মোৰ ঘৰলৈ আহি ঘৰটো চাই যাওক ৷ মামাই যি খাওঁ বুলি ক'ব তাকেই বনাই খুৱাম মই ৷ মামা তুমি ভগৱান ৷ মামাক মই কৃতজ্ঞতা জ্ঞাপন কৰিছো ৷

এই ধনেৰে প্ৰথমে পৰিয়ালটো থাকিবৰ বাবে এটা ঘৰ বনাব বুলি আগ্ৰহেৰে কয় প্ৰিয়াই ৷ এই সহায় কেতিয়াও নাপাহৰো বুলি সংবাদমাধ্যমৰ আগত উচুপি উঠে প্ৰিয়াই ৷ জন্মৰ পৰা আজিলৈ এয়া প্ৰথমটো সহায় পাইছো বুলি কৈ অশ্ৰুসিক্ত নয়নেৰে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে প্ৰিয়াৰ পৰিয়ালে ৷

লগতে পঢ়ক :CM Himanta Biswa Sarma at Hojai: হোজাইৰ বানাক্ৰান্তলৈ 3,800 টকাকৈ এককালীন সাহাৰ্য

ABOUT THE AUTHOR

...view details