অসম

assam

ETV Bharat / state

হোজাইত CITU ৰ আহ্বানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - কৃষক সভা

কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ সিদ্ধান্ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনৰ নেতা-কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ আন্দোলন গঢ়ি তোলে ।

citu protest
হোজাইত CITUৰ আহ্বানত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 10, 2021, 10:42 AM IST

হোজাই, ১০ আগষ্ট :দেশত কৰ'ণাৰ (Corona) প্ৰভাৱ অব্যাহত আছে । মহামাৰীৰ এনে জটিল পৰিস্থিতিৰ মাজতো কিন্তু দেশত অভাৱনীয়ভাৱে পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে । যাৰ বাবে দেশজুৰি বিভিন্ন দল সংগঠনে মূল্য হ্ৰাস কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে ট্ৰেড ইউনিয়নে (Trade Union) দেশজুৰি প্ৰতিবাদৰ আহ্বান জনায় ।

সমগ্ৰ দেশৰ লগতে অসমৰো বিভিন্ন জিলাত ট্ৰেড ইউনিয়নে মূল্যবৃদ্ধিৰ (Price Hike) বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । হোজাই জিলাতো চিআইটিইউ (CITU) আৰু কৃষক সভাৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । কেন্দ্ৰীয় চৰকাৰৰ কেতবোৰ সিদ্ধান্ত আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংগঠনৰ নেতা-কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে হোজাই জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ আন্দোলন গঢ়ি তোলে ।

ইফালে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু কৃষি আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰীসকল । জোৰাপুখুৰী পাৰৰ পৰা উপায়ুক্তৰ কাৰ্যালয়লৈ এক প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰে । এই প্ৰতিবাদৰ জৰিয়তে অতি শীঘ্ৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাসৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই সংগঠনৰ নেতা-কৰ্মীসকলে ।

লগতে কৃষি আইন বাতিল নহ'লে CITU ৰ আহ্বানত দেশজুৰি ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰা হ'ব বুলি দাবী জনাই প্ৰতিবাদকাৰীসকলে । ইফালে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু কৃষি আইন বাতিলৰ উপৰিও আন কেইবাটাও দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :গহপুৰত যোগান মন্ত্ৰীৰ পুত্তলিকা দাহ

For All Latest Updates

ABOUT THE AUTHOR

...view details