অসম

assam

চিকিৎসক নিগ্ৰহ কাণ্ডৰ তদন্তৰ দায়িত্ব অৰ্পন বিবেকানন্দ দাসক

By

Published : Jun 2, 2021, 10:55 PM IST

লংকাৰ উদালিত সংঘটিত হোৱা চিকিৎসক প্ৰহাৰৰ ঘটনাৰ উচিত তদন্তৰ বাবে চি আই ডি বিভাগৰ বিষয়া বিবেকানন্দ দাসক প্ৰদান কৰা হ’ব দায়িত্ব ৷ সংবাদ মাধ্যমযোগে এই কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

dgp bhaskarjyoti mahanta
আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্য়

হোজাই, 2 জুন : হোজাই জিলাৰ লংকাৰ উদালিত সংঘটিত হোৱা চিকিৎসক প্ৰহাৰৰ ঘটনাৰ পাচতে বুধবাৰে ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত ৷ নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি মানৱ সেৱাত ব্ৰতী থকা চিকিৎসকক আক্ৰমণ কৰা কাৰ্যক সহজভাৱে এৰি নিদিয়ে আৰক্ষীয়ে ৷ সংবাদ মাধ্যমযোগে এই কথা স্পষ্ট কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী ৷

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ মন্তব্য়

ঘটনাৰ সৈতে জড়িত মুঠ 24 জন আক্ৰমণকাৰীক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে ৷ ইয়াৰোপৰি সমগ্ৰ ঘটনাৰ গভীৰ অনুসন্ধানৰ বাবে চি আই ডি বিভাগৰ বিষয়া বিবেকানন্দ দাসক দায়িত্ব দিয়াৰ কথা উল্লেখ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে । ইয়াৰ লগতে ঘটনাৰ লগত জড়িত কোনো এজন অভিযুক্তও যাতে সাৰি যাব নোৱাৰে, সেই সন্দৰ্ভত আশ্বাস প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷

লগতে পঢ়ক :তিনিচুকীয়াৰ দুৱাৰমৰা সংৰক্ষিত বনাঞ্চলত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details