হোজাই, 16 নৱেম্বৰঃ হোজাই চাইল্ড লাইন কৰ্তৃপক্ষই দেওবাৰে শংকৰদেৱ নগৰৰ আৰক্ষীৰ সহযোগত লংকাৰ বন বেঙেনাআটীৰ পৰা উদ্ধাৰ কৰে এগৰাকী নাবালিকাক । উল্লেখ্য যে, দুদিন পূৰ্বে জোৰা পুখুৰী বেঙেনাআটীৰ এজন যুৱকে ভালুকমাৰী আমপুখুৰীৰ পৰা এগৰাকী কিশোৰীক বিবাহপাশত আৱদ্ধ কৰাৰ উদ্দেশ্যে পলুৱাই আনি নিজ ঘৰত ৰাখিছিল । ইয়াৰ পিচতে কিশোৰীগৰাকীৰ পৰিয়ালে চাইল্ড লাইন আৰু আৰক্ষীৰ সৈতে যোগাযোগ কৰে ৷ পৰৱৰ্তী সময়ত কিশোৰী গৰাকীক চাইল্ড লাইন কৰ্তৃপক্ষই লংকা প্ৰাথমিক স্বাস্থ্য় কেন্দ্ৰত স্বাস্থ্য় পৰীক্ষা কৰি হোজাইলৈ প্ৰেৰণ কৰে । কিশোৰী গৰাকীৰ বয়স 14 বছৰ বুলি জানিব পৰা গৈছে ৷
বিবাহৰ পূৰ্বে 14 বছৰীয়া কিশোৰীক উদ্ধাৰ হোজাই চাইল্ড লাইন কৰ্তৃপক্ষৰ - নাবালিকা কিশোৰী
চাইল্ড লাইন কৰ্তৃপক্ষই শংকৰদেৱ নগৰ আৰক্ষীৰ সহযোগত দেওবাৰে লংকাৰ বন বেঙেনাআটীৰ পৰা উদ্ধাৰ কৰে এগৰাকী নাবালিকাক । দুদিন পূৰ্বে জোৰা পুখুৰীৰ বেঙেনাআটীৰ এজন যুৱকে ভালুকমাৰী আমপুখুৰীৰ পৰা এগৰাকী কিশোৰীক বিবাহপাশত আৱদ্ধ কৰাৰ উদ্দেশ্যে পলুৱাই আনি নিজ ঘৰত ৰাখিছিল ।
বিবাহৰ পূৰ্বে 14 বছৰীয়া কিশোৰীক উদ্ধাৰ হোজাই চাইল্ড লাইন কৰ্তৃপক্ষৰ