অসম

assam

ETV Bharat / state

মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত হোজাইত চেক বিতৰণ - মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি

অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত হোজাই জিলাৰ হিতাধিকাৰীৰ মাজত চেক বিতৰণ(Cheques Distribution under microfinance loan waiver scheme) । ৰাজ্যখনৰ মহিলা সৱলীকৰণৰ দিশত গুৰুত্ব প্ৰদানৰ অৰ্থে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিলাষী আঁচনিখন শুভাৰম্ভ কৰে ।

Cheques Distribution under Assam Micro Finance Incentive and Relief Scheme 2021
মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

By

Published : Feb 4, 2022, 10:47 AM IST

হোজাই, 4 ফেব্ৰুৱাৰী : অসম চৰকাৰৰ বিত্ত বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত হোজাই জিলাৰ সদৰ ঠাই শংকৰদেৱ নগৰস্থিত কছাৰী ময়দানত বৃহস্পতিবাৰে অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত নিয়মীয়াকৈ ঋণ পৰিশোধ কৰি থকা 'ক্ষীপ্ৰ আদায়কাৰী শিতান'ৰ প্ৰথম শ্ৰেণীৰ ৫,০০০ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ (Cheques Distribution at Hojai) কৰা হয় । অনুষ্ঠানত অসম চৰকাৰৰ বন আৰু পৰিবেশ, আৱকাৰী আৰু মীন বিভাগৰ মন্ত্ৰী তথা হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৷ মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে ১০ গৰাকী মহিলাক চেক প্ৰদান কৰি হোজাই জিলাত এই আঁচনিখনৰ শুভাৰম্ভ কৰে ।

মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত চেক বিতৰণ

অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত হোজাই জিলাত মুঠ ১৭,৭১২ গৰাকী প্ৰথম শ্ৰেণীৰ হিতাধিকাৰী উপকৃত হ'ব । উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰখনে দায়িত্ব লোৱাৰ পাছৰ পৰাই মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে । তদুপৰি অসমৰ আই-মাতৃসকলক দিয়া ঋণ পৰিশোধৰ ক্ষেত্ৰত সকাহ প্ৰদানৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ একান্ত প্ৰচেষ্টাৰ ফলত আজি বাস্তৱ ৰূপায়ণ হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

হোজাই জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য

চেক বিতৰণ অনুষ্ঠানত হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰমাবালা দেৱী, হোজাই আৰু লামডিং সমষ্টিৰ বিধায়কদ্বয় ৰামকৃষ্ণ ঘোষ, শিবু মিশ্ৰ , প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় হোজাই জিলাৰ উপায়ুক্ত অনুপম চৌধুৰীয়ে আৰু শলাগৰ শৰাই আগবঢ়ায় অতিৰিক্ত উপায়ুক্ত উৰ্মি মেধিয়ে । অনুষ্ঠানৰ অন্তত মন্ত্ৰীগৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত হোজাই জিলা পৰিষদৰ সদস্যসকলৰ লগত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :Miram's return gives hope to another family: ৭ বছৰে চীনা সৈন্যৰ কৱলত অৰুণাচল প্ৰদেশৰ পুলম

For All Latest Updates

ABOUT THE AUTHOR

...view details