হোজাই, 29 জুন :এমাহ জোৰা তদন্তৰ অন্তত উদালী কাণ্ডৰ সৈতে জড়িত অভিযুক্ত বিৰুদ্ধে দাখিল কৰা হ'ল অভিযোগ নামা(chargesheet) ৷ হোজাই জিলাৰ ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি মৃতকৰ আত্মীয়ই চিকিৎসাৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ ইয়াৰ পাচতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সমগ্ৰ অসমতে ৷
উদালী কাণ্ডৰ 36 গৰাকী অভিযুক্তৰ বিৰুদ্ধে charge sheet দাখিল এই কাণ্ডৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছিল চৰকাৰৰ গৃহ বিভাগে ৷ এই কাণ্ডৰ লগত জড়িত 36 গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ইয়াৰে তিনি গৰাকী অভিযুক্ত আছিল নাবালক ৷ এই ঘটনাৰ এমাহ সম্পূৰ্ণ নওঁতেই মঙলবাৰে উদালী কাণ্ডৰ লগত জড়িত 36 গৰাকী অভিযুক্তৰ বিৰুদ্ধে হোজাই জিলাৰ শংকৰদেৱনগৰ আদালতত অভিযোগ নামা(chargesheet) দাখিল কৰে হোজাই আৰক্ষীয়ে ৷
উল্লেখ্য যে, মঙলবাৰে 36 গৰাকী অভিযুক্তৰ বিৰুদ্ধে 639 পৃষ্ঠাৰ যোৰা অভিযোগ নাম দাখিল কৰে হোজাই আৰক্ষীয়ে ৷ তদন্তকাৰী বিষয়া DSP ৰোজি তালুকদাৰে হোজাই আৰক্ষী অধীক্ষক আৰু অতিৰিক্ত আৰক্ষী অধীক্ষকৰ উপস্থিতিত হোজাই শংকৰদেৱনগৰ জিলা সত্ৰ ন্যায়ধীশ আদালতত দাখিল কৰে এই অভিযোগ নামা(chargesheet) ৷
উদালী কাণ্ডৰ 36 গৰাকী অভিযুক্তৰ বিৰুদ্ধে charge sheet দাখিল হোজাই জিলাৰ শংকৰদেবনগৰ আদালতত চৰকাৰী পক্ষৰ হৈ অধিবক্তা অমৰজ্যোতি শইকীয়াই যুক্তি দৰ্শায় ৷ অধিবক্তা অমৰজ্যোতি শইকীয়াই জানিবলৈ দিয়া অনুসৰি উক্ত উদালীৰ ঘটনাৰ সন্দৰ্ভত সৰ্বমুঠ ৪৬ গৰাকীয়ে সাক্ষী প্ৰদান কৰে ৷ হোজাই আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত সমাপ্ত কৰি অতি কম দিনৰ ভিতৰতে এই অভিযোগ নামা দাখিল কৰিবলৈ সক্ষম হয় বুলি সদৰী কৰে অধিবক্তা গৰাকীয়ে ।
উদালী কাণ্ডৰ 36 গৰাকী অভিযুক্তৰ বিৰুদ্ধে charge sheet দাখিল লগতে পঢ়ক: শাসকৰ শোষণ-বঞ্চনাৰ বাবে বাগিছাত আকৌ শুনিব মৃত্যুৰ কিৰিলি !