অসম

assam

ETV Bharat / state

হোজাই আৰু নীলবাগানত সজাগতা সভা সম্পন্ন - আজমল ফাউণ্ডেচনৰ সজাগতা সভা

আজমল ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ (Career counseling program by Ajmal Foundation) ৷ হোজাইৰ আজমল ফাউণ্ডেচনে স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি IAS, IPS, ACS, APS ইত্যাদিৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু কৰি তুলিবলৈ অসমৰ বিভিন্ন জিলাত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে অনুষ্ঠিত কৰে সজাগতা সভা ৷

career counseling program initiative by Ajmal Foundation held in hojai
হোজাই আৰু নীলবাগানত সজাগতা সভা সম্পন্ন

By

Published : Mar 24, 2022, 4:35 PM IST

হোজাই, 24 মাৰ্চ:অসমৰ শিক্ষিত নিবনুৱাসকলৰ কাৰণে আজমল ফাউণ্ডেচনৰ বিশেষ পদক্ষেপ গ্ৰহণ (Career counseling program by Ajmal Foundation) ৷ হোজাইৰ আজমল ফাউণ্ডেচনে স্নাতক-স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি IAS, IPS, ACS, APS ইত্যাদিৰ প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সাজু কৰি তুলিবলৈ অসমৰ বিভিন্ন জিলাত শিক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে সজাগতা সভা অনুষ্ঠিত কৰে ৷

হোজাই আৰু নীলবাগানত সজাগতা সভা সম্পন্ন

বিভিন্ন চৰকাৰী-বেচৰকাৰী খণ্ডত চাকৰি লাভ কৰিব পৰাকৈ উপযোগী কৰি তোলাৰ উদ্দেশ্যে আজমল বয়েজ কলেজ আৰু নীলবাগানৰ হাজী আজমল আলী কলেজত এদিনীয়া কাৰ্যসূচীৰে বুধবাৰে এই সজাগতা সভাখন অনুষ্ঠিত কৰে ৷

আজমল ফাউণ্ডেচনে অনুষ্ঠিত কৰা এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে- "Job awareness cum carrier counselling campaign" ৷ য’ত সম্পূৰ্ণ বিনামূলীয়াকৈ কৰ্মশালাৰ আয়োজন কৰা হয় ৷ অনলাইন অথবা অফলাইনযোগে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ দ্বাৰা সজাগতামূলক অনুষ্ঠানৰ জৰিয়তে নিবনুৱাসকলক দিহা-পৰামৰ্শ আগৱঢ়োৱা হ'ব বুলি আজমল ফাউণ্ডেচনৰ সঞ্চালক ড৹ খচৰুল ইছলামে মন্তব্য কৰে ৷

লগতে চাওক:Ajmal IAS Academy : হোজাইত মুকলি হ’ব আজমল IAS একাডেমি

ABOUT THE AUTHOR

...view details