অসম

assam

By

Published : Jul 13, 2022, 10:13 PM IST

ETV Bharat / state

Car lifter arrested: গাড়ীসহ হাতেলোটে ধৰা পৰিল কুখ্যাত গাড়ী চোৰ

হোজাইত গাড়ী চুৰি চক্ৰৰ তাণ্ডৱ ৷ 5 গাড়ীসহ হাতেলোটে ধৰা পৰিল কুখ্যাত গাড়ী চোৰ (Car thief arrested in Hojai) ৷

Car thief arrested in Hojai
Car thief arrested in Hojai

হোজাই, 13 জুলাই :গাড়ী চুৰি চক্ৰৰ তাণ্ডৱ ৷ হোজাই আৰক্ষীৰ জালত গাড়ীসহ ধৰা পৰিল দুই চোৰ (Car thief arrested in Hojai) ৷ মঙলবাৰে হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ আৰু উপ আৰক্ষী অধীক্ষক ৰোজি তালুকদাৰৰ নেতৃত্বত চলা এক অভিযানত আৰক্ষীয়ে 5 খন গাড়ীসহ দুটা চোৰক কৰায়ত্ব কৰে ৷ আটকাধীন চোৰ দুটা ৰেকবুল আলি আৰু উছমান গণি বুলি জানিব পৰা গৈছে ৷

5 গাড়ীসহ হাতে লোটে ধৰা পৰিল কুখ্যাত গাড়ী চোৰ

ধৃত চোৰ দুটাৰ পৰা ১৫খন পঞ্জীয়ন নথি লগতে কেবাখনো ভুৱা নম্বৰ প্লেট আৰু বহুকেইখন চেছিছ নম্বৰৰ কাগজ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ লগতে হোজাই আৰক্ষীয়ে জব্দ কৰে চাৰিখন টাটা চুমু আৰু এখন মাৰুতি ৮০০ বাহন (5 cars seized)৷

বাহন কেইখনৰ পঞ্জীয়ন নং ক্ৰমে AS09E8784, AS01W4010, AS02P7386, AS01A, A0037আৰু AS25C1862 ৷ অধিক তথ্যৰ বাবে এই ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :Thief arrested in Kalgachia: অৱশেষত আৰক্ষীৰ জালত চুলতান

ABOUT THE AUTHOR

...view details