হোজাই,22 মে’ :ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ হোজাই আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই হোজাইৰ দুটা স্থানৰ পৰা পৃথকে পৃথকে আটক কৰে দুই ব্যক্তিসহ সহ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেট । শুকুৰবাৰে হোজাই উপ আৰক্ষী অধীক্ষক দিপ্তি মালীৰ নেতৃত্বত আৰক্ষীৰ এটি সঁজাতি দলে চলোৱা অভিযানৰ অন্তত প্ৰথমে হোজাইৰ হাম চিকিৎসালয়ৰ সম্মুখত এখন চুইফ্ট বাহনৰ পৰা জব্দ কৰে ২৫ গ্ৰাম ব্ৰাউন চুগাৰ আৰু আটক কৰে চাহাৱ উদ্দিন নামৰ এজন লোকক । ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰে AS 03Z 4144 নম্বৰৰ বাহনখন । জানিব পৰা মতে, চাহাব উদ্দিনে হোজাইৰ আন কাৰোবাক বিক্ৰী কৰিবৰ বাবে আনিছিল ব্ৰাউন চুগাৰ খিনি । ব্ৰাউন চুগাৰ খিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লক্ষাধিক টকা বুলি জানিব পৰা গৈছে ।
হোজাইত ড্ৰাগছসহ আটক দুজন - seized brauon sugar
হোজাই অব্যাহত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ হোজাই আৰক্ষীয়ে ড্ৰাগছৰ বিৰোদ্ধে অভিযান চলাই হোজাইৰ দুটা স্থানৰ পৰা পৃথকে পৃথকে আটক কৰে দুই ব্যক্তিসহ ব্ৰাউন চুগাৰ আৰু নিচাযুক্ত টেবলেট ।
![হোজাইত ড্ৰাগছসহ আটক দুজন হোজাই আৰক্ষীৰ ড্ৰাগছৰ বিৰোদ্ধে অভিযান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11852282-thumbnail-3x2-img.jpg)
হোজাই আৰক্ষীৰ ড্ৰাগছৰ বিৰোদ্ধে অভিযান
আনহাতে, হোজাইৰ গোবিন্দ পল্লীৰ পৰা 480টা নিচাযুক্ত টেবলেট সহ আটক কৰে মিঠুন সৰকাৰ নামৰ আন এজন ব্যক্তিক । বৰ্তমান দুই ড্ৰাগছ ব্যৱসায়ীক হোজাই আৰক্ষী থানাত ৰাখি আৰক্ষীয়ে চলাই আছে মাৰাথন জেৰা । ইফালে হোজাইত ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি মন্তব্য কৰে হোজাই জিলাৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ।
হোজাই আৰক্ষীৰ ড্ৰাগছৰ বিৰোদ্ধে অভিযান
লগতে পঢ়ক:আন্তঃজিলা যাতায়াত বন্ধই অথন্তৰ লগালে বিবাহ বিচ্ছেদত