হোজাই, 25 মে’ :অমানৱীয় ! মাটি-ভেঁটি তথা পৈতৃক সম্পত্তি থাকিও আজি অৱহেলিত হৈ পৰি ৰৈছে এগৰাকী মহিলা ৷ মাটি, সম্পত্তিৰ লোভত নিজৰ ককায়েক-বৌয়েকে ভনীয়েকক ৰাখিছে চুৱাপাতনিত ৷
ঘটনাৰ স্থান হোজাইৰ ডবকা (Shameful incident in Hojai) ৷ স্থানীয় ৰাইজ তথা এগৰাকী ভগ্নীৰ তৎপৰতাত জংঘলৰ মাজৰ পৰা উদ্ধাৰ হৈছে এগৰাকী মহিলা ৷ মহিলাগৰাকীক হাবিৰ মাজত তিল তিল কৈ মৰিবলৈ পেলাই থৈছে সহোদৰ ভাতৃয়ে । জানি আচৰিত হ’ব, ভুক্তভোগী মহিলাগৰাকীৰ ভাতৃ পেছাগতভাৱে চৰকাৰী বিদ্যালয়ৰ এজন শিক্ষক ৷শিক্ষকজনৰ নাম ইব্ৰাহিম আলী বৰভূঞা ওৰফে ইব্ৰাহিম মাষ্টাৰ ৷
ইব্ৰাহিম মাষ্টাৰ ভেদৌআটি বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বুলি জানিব পৰা গৈছে ৷ আনক জ্ঞান দান কৰা এগৰাকী শিক্ষকৰ এনে নিৰ্লজ্জ কাণ্ড পোহৰলৈ অহাত এতিয়া ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ অভিযোগ অনুসৰি, সম্পত্তিৰ লোভৰ বাবেই ইব্ৰাহিমে তেওঁৰ পত্নীৰ সৈতে মিলি দীৰ্ঘদিনৰ পৰা নিজ ভগ্নীক পোহনীয়া জন্তুৰ দৰে ব্যৱহাৰ কৰি আহিছে ৷