হোজাই, ২৮ জানুৱাৰী: এতিয়াও সন্ধান ওলোৱা নাই লংকাৰ উদীয়মান ব্যৱসায়ী গোপাল শীলৰ একমাত্ৰ পুত্ৰ দীপ শীলৰ । যোৱা ১৫ জানুৱাৰী পৰা সন্ধানহীন হৈ আছে দীপ শীল । উক্ত ঘটনা সন্দৰ্ভত পিতৃ গোপাল শীলে লংকা আৰক্ষী থানাত এখন এজেহাৰ দাখিল কৰিছে । লংকা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
যোৱা ১৫ জানুৱাৰীৰ নিশা প্ৰায় ৮ বজাত লংকা বজাৰৰ পৰা লংকাৰ ৭ নং ৱাৰ্ডস্থিত নিজ বাসগৃহলৈ উভতিছিল দীপ শীল নামৰ কিশোৰজন । তেতিয়াৰে পৰা সন্ধান নাই ১৬ বছৰীয়া দীপৰ । বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান উলিয়াব নোৱাৰি নিৰাশ হৈ পৰিছে গোপাল শীল ।