হোজাই, 21 জুন :ৰাজ্যত অব্যাহত আছেবানৰ ভয়াবহতা (Flood in Assam)৷ এফালৰ পৰা বানে ধ্বংস কৰি গৈছে ধন-জন সকলে ৷ পুনৰবাৰ হোজাইত শুনিবলৈ পোৱা গৈছে কান্দোনৰ ৰোল ৷
মঙলবাৰে দিনৰ ভাগত হোজাইত উদ্ধাৰ হয় তিনিটি শিশুৰ মৃতদেহ (Bodies of three missing children found in Hojai) ৷ আৰক্ষী তথা প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰা অনুসৰি, উদ্ধাৰ হোৱা শিশুকেইটা 17 জুনত হোজাইত সংঘটিত দুৰ্ঘটনাগ্ৰস্ত নাওখনত আছিল ৷ উদ্ধাৰ হোৱা শিশুকেইটাৰ নাম ক্ৰমে জেনিফা বেগম (6), আমিৰুল ইছলাম(10 মাহ) আৰু মহিৰা বেগম (8 বছৰ) ৷
স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, প্ৰথমে হোজাইৰ যোগিজান ৰাজবাৰীত উদ্ধাৰ হয় নাও দুৰ্ঘটনাত সন্ধানহীন আঠ বছৰীয়া মহিৰা বেগমৰ মৃতদেহ । তাৰ পাচত দুপৰীয়াৰ ভাগত পূৱ ন-ভঙাত জেনিফা বেগম আৰু বিয়লিৰ ভাগত আমিৰুল ইছলামৰ মৃতদেহ উদ্ধাৰ হয় ।
উল্লেখ্য যে, হোজাইৰ যাঠিহুৰাত 17 জুনৰ নিশা সংঘটিত হয় এটা ভয়ংকৰ নাও দুৰ্ঘটনা (Hojai Boat Accident) ৷ বানৰ কৱলত থকা হোজাইৰ একাংশ বন্যাৰ্তই নাৱেৰে নিৰাপদ স্থানলৈ গৈ আছিল ৷ তেনে সময়তে সংঘটিত হয় এই দুৰ্ঘটনাটো । এই দুৰ্ঘটনাত কেইবাজনো লোক সন্ধানহীন হৈ পৰিছিল ৷