হোজাই,12 মে' :এগৰাকী দৃষ্টিহীন আইতা ৷ হোজাই জিলাৰ লংকাত ৪০ বছৰে ষ্টেচনৰ কাষৰ জুপুৰীত বাস কৰা আইতা গৰাকী এতিয়া লক্ ডাউনৰ বাবে ভীষণ সমস্যাত পৰিছে ৷ লক্ ডাউনৰ বাবে ভীষণ খাদ্য সংকটত পৰিছে আইতাগৰাকী ৷
হোজাই জিলাৰ লংকাত বিগত ৪০ বছৰে ষ্টেচনৰ কাষৰ জুপুৰীত বাস কৰি আহিছে আইতাগৰাকীয়ে ৷ সাত আঠ বছৰৰ পূৰ্বে স্বামীৰ মৃত্যুৰ পিছত অকলশৰীয়া হৈ পৰে আইতাগৰাকী ৷ তাৰ পিছত আইতাৰ জুপুৰীৰ কাষত থকা ব্যৱসায়ীসকলে আইতাক সহায় কৰি আহিছে ৷ দুসাজৰ এসাজ খাই হ'লেও জীৱন সংগ্ৰাম খন চলাই গৈছিল আইতাই ।