অসম

assam

ETV Bharat / state

বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ - BJP State minority executive meeting in Hojai

দুদিনীয়া কাৰ্যসূচীৰে হোজাই জিলাত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা (BJP State minority executive meeting in Hojai) । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ মন্তব্য, ‘‘৭০ বছৰে কৰিব নোৱাৰা কাম আমি ৬ বছৰতে কৰিলোঁ’’ ।

Hojai
Hojai

By

Published : Aug 22, 2022, 7:11 PM IST

Updated : Aug 22, 2022, 8:29 PM IST

হোজাই, ২২ আগষ্ট : হোজাইত দেওবাৰে উপস্থিত হয় অসম চৰকাৰৰ মন্ত্ৰী (Transport Minister Chandra Mohan Patowary in Hojai) । নিজৰ ভ্ৰমণকালত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৭০ বছৰে কৰিব নোৱাৰা কাম ৬ বছৰতে কৰা বুলি মন্তব্য কৰে । মন্ত্ৰী পাটোৱাৰীয়ে কয়, "বিজেপিৰ কাম-কাজত সন্তুষ্ট হৈ বিজেপিৰ প্ৰতি আস্থা বাঢ়িছে সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ (Chandra Mohan Patowary on Minority Muslim) । এতিয়া আমি সংখ্যালঘু এলেকাত স্কুল নিৰ্মাণ কৰি আছোঁ" ৷

আনহাতে, বিজেপি সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাদ চিদ্দিকীয়ে (BJP Minority Morcha national president Jamad Siddiqui) মন্তব্য কৰে যে, অসমৰ মুছলমানক দুখীয়া সজাই বহিঃৰাষ্ট্ৰৰ পৰা চান্দা আনে আজমলে (BJP minority Morcha criticized Badaruddin Ajmal) । দীঘল দাড়ি আৰু টুপী পিন্ধি আজমলে মুছলমানসকলক ঠগি আছে ।

বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ চন্দ্ৰমোহন পাটোৱাৰীৰ

উল্লেখ্য যে, ২০ আৰু ২১ আগষ্ট তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে হোজাই জিলাত অনুষ্ঠিত হয় ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সংখ্যালঘু কাৰ্যনিৰ্বাহক সভা ( BJP State minority executive meeting in Hojai) । এই দুদিনীয়া কাৰ্যনিৰ্বাহক সভাত ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি শান্তিয়াছ কুজুৰ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া (BJP national General Secretary Dilip Saikia)।

লগতে উপস্থিত থাকে পৰিবহণ, সংসদীয় পৰিক্ৰমা, দক্ষতা বিকাশ আৰু উদ্যমিতা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Minister Jayanta Malla Baruah),সংখ্যালঘু মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি জামাল ছিদ্দিকী, হোজাই জিলা বিজেপিৰ সভাপতি অনুপ কুমাৰ দেৱ, হোজাই বিধানসভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ প্ৰমুখ্যে দলৰ বিভিন্ন পৰ্যায়ৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :জ্যোতি চিত্ৰবনত Audio visual hub মুকলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Last Updated : Aug 22, 2022, 8:29 PM IST

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details