হোজাই, 3 জুলাই : কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা । গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ দিশে কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ | বিজেপি সদস্যৰ অনাস্থাৰ সন্মুখীন হ'বলগা হ'ল কংগ্ৰেছী সভাপতি, উপ-সভানেত্ৰী । ১২ খন আসনৰ হোজাই জিলা পৰিষদৰ সভানেত্ৰী ৰেজিয়া চুলতানা,উপ-সভানেত্ৰী পাৰুল চুলতানাৰ বিৰুদ্ধে অনা হ'ল অনাস্থা ৷ পৰিষদখনৰ বিজেপিৰ ৬ গৰাকীকৈ সদস্যই আনিলে এই অনাস্থা । হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পংকজ ডেকাৰ ওচৰত আনুষ্ঠানিকভাৱে দাখিল কৰে এই অনাস্থা প্ৰস্তাৱ ।
অনাস্থা প্ৰস্তাৱঃ সংকটত হোজাই জিলা পৰিষদৰ সভাপতি, উপ সভানেত্ৰী - CONGRESS
গঠনৰ ছয়মাহৰ ভিতৰতে ভংগ হোৱাৰ উপক্ৰম হৈছে কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদ ৷ কংগ্ৰেছ নেতৃত্বাধীন হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা ।
হোজাই জিলা পৰিষদৰ বিৰুদ্ধে বিজেপিৰ অনাস্থা
উল্লেখ্য যে,হোজাই জিলাত দুজনকৈ বিজেপিৰ বিধায়ক থকাৰ পাচতো কংগ্ৰেছে ছয়খন আসন দখল কৰি গঠন কৰিছিল জিলা পৰিষদ | কিন্তু সভানেত্ৰী হোৱাৰ পাচতে ৰেজিয়া চুলতানাৰ বিৰুদ্ধে ২৫৩/১৯ নম্বৰত ৪২০/৪৬৮/৪৭১ ধাৰাত গোচৰ ৰুজু হোৱাৰ লগতে সৃষ্টি হয় অচলা অৱস্থাৰ |