হোজাই, 13 ছেপ্তেম্বৰ:দেওবাৰে হোজাইত অনুষ্ঠিত হয় জিলাখনৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা ৷ জিলা সভাপতি অনুপ দেৱৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাসৰ লগতে, বিজেপিৰ ৰাজ্যিক উপ-সভাপতি তথা হোজাই জিলাৰ প্ৰভাৰী জয়ন্ত মল্ল বৰুৱা, মুখপাত্ৰ ৰামকৃষ্ণ ঘোষ, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ আৰু লামডিং সমষ্টিৰ বিধায়ক চিবু মিশ্ৰকে ধৰি বিজেপিৰ কৰ্মকৰ্তাসকল ৷
সভাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰঞ্জিৎ দাসে মন্তব্য কৰে যে, নতুন ৰাজনৈতিক দলে বিজেপি দলক কোনো ধৰণে প্ৰভাৱিত নকৰে ৷ আনহাতে বিজেপিয়ে সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত সমাগত নিৰ্বাচনৰ বাবে প্ৰাৰ্থী নিৰ্বাচিত কৰিব বুলিও কয় তেওঁ ৷ ইয়াৰোপৰি কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাই তেওঁলোকক ক্ষতি কৰাৰ পৰিৱৰ্তে লাভহে কৰিব বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷