হোজাই, 12 ডিচেম্বৰ :বিটিচি আৰু তিৱা পৰিষদৰ নিৰ্বাচনক লৈ নিৰ্বাচনী গৰম বতাহ চলি থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ হামৰেণতো ক্ৰমাৎ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে বিজেপিৰ নিৰ্বাচনকেন্দ্ৰিক তৎপৰতা । সমাগত বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি লৈ কাৰ্বি পৰিষদীয় হামৰেণ সমষ্টিত বিজেপিয়ে ব্যাপক তৎপৰতাৰে ৰাজহুৱা সভা আয়োজনেৰে জনতাৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰখা দেখিবলৈ পোৱা গৈছে । আয়োজিত সভাবোৰত বিৰোধী পক্ষক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ বিপৰীতে বিজেপি চৰকাৰে দেশ, ৰাজ্য আৰু কাৰ্বি আংলঙত শান্তি-সমৃদ্ধি, সমঅধিকাৰ, উন্নতি-প্ৰগতি আদিৰে ব্যপক পৰিৱৰ্তন আনিছে বুলি দাবী কৰে বিজেপি নেতৃবৃন্দই ।
শনিবাৰেও হামৰেণ সমষ্টিৰ ডংকামোকামত বিজেপিৰ এখনি ৰাজহুৱা মুকলি সভা অনুষ্ঠিত হয় । সভাত মুখ্য অতিথি ৰূপত উপস্থিত থকা কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য মংগল ছিং তিমুঙৰ উপস্থিতিত হামৰেণ মণ্ডল কংগ্ৰেছ কমিটিৰ উপ সভাপতি মোহন টকবিসহ মুঠ ১৬ পৰিয়ালে কংগ্ৰেছ-এএছডিচি দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। সভাত উপস্থিত ৰাইজক সম্বোধন কৰি তিমুঙে " কাৰ্বি আংলং জিলা পুনৰ বিজেপিৰ দখলত থাকিব" বুলি দাবী কৰে।