অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ধ্বংস হৈছে উজনিৰ বৰ্ষাৰণ্য ! - SARBANANDA SONOWAL

সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, অকল কপালত এটা তিলক ললেই মানুহ সৎ হৈ নাযায় ,এজন মানুহ সাত্বিক হৈ নাযায় | সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমত এফালৰ পৰা বৰ্ষা অৰণ্যবোৰ ধংস হৈছে বুলিও তেওঁ মন্তব্য কৰে |

ETV BHARAT

By

Published : Jun 29, 2019, 10:52 PM IST

হোজাইত,29 জুন: হোজাইত নৱ নিৰ্বাচিত সাংসদ প্ৰদ্যুৎ বৰদলৈক সম্বৰ্ধনা ৷ সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমত এফালৰ পৰা বৰ্ষা অৰণ্যবোৰ ধ্বংস হৈছে কৰে মন্তব্য ৷ অসম ভৱনত তৰুণ গগৈ দেৱক অপমান কৰাৰ প্ৰসংগও কঠোৰ ভাষাৰে নিন্দা কৰে সাংসদ গৰাকীয়ে |

সম ভৱনত তৰুণ গগৈ দেৱক অপমান নিন্দনীয়

হোজাই জিলাৰ লংকাৰ লামডিং সমষ্টিত শনিবাৰে সম্বৰ্ধনা জনোৱা হয় নগাঁও সাংসদীয় লোকসভা সমষ্টিৰ নৱ নিযুক্ত সাংসদ প্ৰদ্যুত বৰদলৈক ৷ অনুষ্ঠানত লামডিং সমষ্টিৰ বহু কংগ্ৰেছ কৰ্মীয়ে ৰাজহুৱা ভাৱে সাংসদ গৰাকীক সম্বৰ্ধনা জনায় | উক্ত অনুষ্ঠানত ভাষণ প্ৰসংগত সাংসদ প্ৰদ্যুত বৰদলৈয়ে বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে, অকল কপালত এটা তিলক ললেই মানুহ সত হৈ নাযায় ,এজন মানুহ সাত্বিক হৈ নাযায় | সৰ্বানন্দ সোণোৱালৰ পৃষ্ঠপোষকতাত উজনি অসমত এফালৰ পৰা বৰ্ষা অৰণ্যবোৰ ধংস হৈছে বুলিও তেওঁ মন্তব্য কৰে | অসমৰ ইমুৰৰ পৰা সিমুৰলৈকে গৰু, চুপাৰি,চিমেন্ট,শাকপাচলী,মাছ, পান ছিণ্ডিকেট হোৱাৰ লগতে লগতে উজনি অসমত হৈছে কয়লাৰ ছিণ্ডিকেট | তেও কয় যে, মুখত তেওঁলোকৰ ৰাম নাম কিন্তু কৰে বেয়া কাম | অসম ভৱনত তৰুণ গগৈ দেৱক অপমান কৰাৰ প্ৰসংগও কঠোৰ ভাষাৰে নিন্দা কৰে সাংসদ গৰাকীয়ে |

ইয়াৰোপৰি 2016 চনত মধুৱালা মণ্ডলক সৰ্বানন্দ সোণোৱালৰ বিজেপি পুলিচে ডিটেন্সন কেম্পত তিনি বছৰ বন্দী কৰি ৰাখি মিছাই শাৰীৰিক তথা মানসিক হাৰাশাস্তি কৰাৰ ওপৰতো কঠোৰ ভাষাৰে সমালোচনা কৰে কংগ্ৰেছ দলৰ মূখ্যপাত্ৰ ৰকিবুল হুছেইনে৷

উদালী ব্লক কংগ্ৰেছ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ লগতে সহধৰ্মী ৰাণী বৰদলৈ, কংগ্ৰেছ দলৰ মূখ্যপাত্ৰ ৰকিবুল হুছেইন, প্ৰাপ্তন কংগ্ৰেছী মন্ত্ৰী অৰ্ধেন্দু কুমাৰ দে, কংগ্ৰেছ দলৰ জেষ্ঠ নেত্ৰী বিজয়া চক্ৰৱৰ্তী,লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক স্বপন কৌৰ প্ৰমুখ্য কৰি বহু দলীয় নেতা|

ABOUT THE AUTHOR

...view details