অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূৰ্তি উপলক্ষে হোজাইত বিজেপিৰ হিতাধিকাৰী সন্মিলন

সোমবাৰে হোজাইত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূৰ্তি (8th anniversary of Modi govt) উপলক্ষে এখন হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰা হয় (BJP hold beneficiary conference in Hojai) ৷ এই সন্মিলনত উপস্থিত থাকি খুঁমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া, লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই হিতাধিকাৰিসকলৰ সৈতে মত বিনিময় কৰে ৷

By

Published : Jun 13, 2022, 6:19 PM IST

BJP hold beneficiary conference to mark 8th anniversary of Modi govt in Hojai
কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূৰ্তি উপলক্ষে হোজাইত বিজেপিৰ হিতাধিকাৰী সন্মিলন

হোজাই, 13 জুন: সোমবাৰে হোজাইত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূৰ্তি (8th anniversary of Modi govt ) উপলক্ষে এখন হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰা হয় (BJP hold beneficiary conference in Hojai ) ৷ “সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ "কাৰ্যসূচীৰ অধীনত ভাৰতীয় জনতা পাৰ্টিৰ হোজাই জিলা সমিতিৰ উদ্যোগত হোজাই দেশবন্ধু বিদ্যাপীঠ স্বর্ণ জয়ন্তী ভৱনৰ প্ৰাংগণত এই হিতাধিকাৰী সন্মিলনখন অনুষ্ঠিত হয় ৷

কেন্দ্ৰীয় চৰকাৰৰ অষ্টম বর্ষপূৰ্তি উপলক্ষে হোজাইত বিজেপিৰ হিতাধিকাৰী সন্মিলন

হোজাই জিলা বিজেপিৰ সভাপতি অনুপ দেয়ে আঁত ধৰা এই সন্মিলনত খুঁমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া (Khumtai MLA Mrinal Saikia) , লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ (Lumding MLA Sibu Misra) , জিলা পৰিষদৰ সভানেত্ৰী ৰামাবলাৰ দেৱী লগতে হোজাই জিলাৰ অন্তৰ্গত নটা মণ্ডলৰ সভাপতি, জিলা পৰিষদৰ সদস্যসকল, গাওঁ পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধিসকল, বুথ সভাপতিসকল আৰু দলৰ সকলো স্তৰৰ কাৰ্যকতা উপস্থিত থাকি ছয় সহস্ৰাধিক হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে ৷

সভাত জিলা সভাপতি অনুপ দেই আদৰণি ভাষণ প্ৰদান কৰাৰ পাছতে বিধায়ক মৃণাল শইকীয়া, শিবু মিশ্ৰই হিতাধিকাৰীসকলক উদ্দেশ্য কৰি নিজৰ বক্তব্য দাঙি ধৰে ৷ শেষত “সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ যোজনাৰ (Garib Kalyan yojana)” ওপৰত মত বিনিময় কৰে সভাত উপস্থিত হিতাধীকাৰীসকলৰ লগত ।

লগতে পঢ়ক :ED summoned Rahul Gandhi : গুৱাহাটীত প্ৰতিবাদ কৰি আটক ভূপেন বৰাসহ কংগ্ৰেছ নেতৃত্ব

ABOUT THE AUTHOR

...view details