হোজাই,6আগষ্টঃবৃহস্পতিবাৰে হোজাইৰ ৰাজপথত কণ কণ শিশুক লৈ বিধায়ক শিলাদিত্যই কেক কাটি পালন কৰিলে নিজৰ জন্মদিন । উল্লেখ্য যে, বৃহস্পতিবাৰে হোজাইৰ বিভিন্ন স্থানত পথ নিৰ্মাণৰ ১৪ টাকৈ আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে ।
জন্মদিনতেই বিস্ফোৰক মন্তব্য বিধায়ক শিলাদিত্য দেৱৰ - হোজাইৰ ৰাজপথত কণ কণ শিশুক
বিধায়ক শিলাদিত্য দেৱে জন্মদিনৰ দিনাও কেতবোৰ বিষ্ফোৰক মন্তব্য প্ৰকাশ কৰা দেখা গ’ল ৷
ইপিনে বুধবাৰে শোণিতপুৰত সংঘটিত হোৱা ঘটনাৰ প্ৰসংগত বিধায়ক গৰাকীয়ে কয় যে, এইটো দূৰ্ভাগ্যজনক কথা। য’ত ঘটনাটো সংঘটিত হৈছে তাত বাংলাদেশী মুছলমানৰ প্ৰভাৱ আছে । বাংলাদেশী মুছলমানৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত হোৱাৰ পিছত প্ৰকৃত ৰূপটো এনেদৰে দেখাই আছে। যোৱা কালি যি ৰাম মন্দিৰৰ ভূমি পুজন হ'ল ভাৰতবৰ্ষৰ মুছলমান সকলে ভাল পাব লাগিছিল । কিয়নো পূৰ্বতে তেওঁলোকে ৰামৰেই পূজা অৰ্চনা কৰিছিল । হিন্দুৰ পৰা মুছলমান হোৱা মানুহে এনে কাম কৰিব নোৱাৰে । এইখিনি কাম বাংলাদেশী মুছলমানেই কৰিছে বুলি বিষ্ফোৰক অভিযোগ কৰে বিধায়ক গৰাকীয়ে ।লগতে পঢ়কঃ শিলচৰ শ্মশানত ক'ভিড19 ৰোগীৰ মৃতদেহ সৎকাৰত বাধা