হোজাই, 12 এপ্ৰিল: বিহুলৈ মাজত মাত্ৰ দুটা দিন বাকী । এতিয়া অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুক আদৰিবলৈ সাজু হৈ উঠিছে ৰাজ্যবাসী । চলিত বৰ্ষত পোনপ্ৰথম বাৰৰ বাবে হোজাই জিলাৰ যমুনামুখতো আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালাৰ ।
যমুনামুখত প্ৰথম বাৰৰ বাবে বিহু কৰ্মশালাৰ আয়োজন - Rongali Bihu
পোনপ্ৰথম বাৰৰ বাবে হোজাই জিলাৰ যমুনামুখতো আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালাৰ । যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহুৰ কৰ্মশালাৰ সোমবাৰে অন্তিম দিন ।
যমুনামুখত প্ৰথম বাৰৰ বাবে বিহু কৰ্মশালাৰ আয়োজন
যমুনামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা বিহুৰ কৰ্মশালাৰ সোমবাৰে অন্তিম দিন । মৰিগাঁৱৰ পৰা অহা প্ৰশিক্ষক তথা সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক নৱ কুমাৰ নাথৰ তত্বাৱধানত পাঁচ গৰাকী প্ৰশিক্ষকে যমুনামুখ জামিনী দেৱী মজলীয়া বিদ্যালয়ৰ প্রাঙ্গনত এইদৰে চলাইছে বিহুৰ আখৰা ।
লগতে পঢ়ক: তেজপুৰত বুঢ়ালুইতৰ বুকুত সন্ধানহীন মাছমৰীয়া