হোজাই, 16 এপ্ৰিল :কেলেণ্ডাৰৰ পাতৰ পৰা সৰি পৰিল এটা বছৰ ৷ পুনৰ এটি অসমীয়া নতুন বছৰক আদৰিলে অসমবাসীয়ে ৷ নতুন বছৰৰ সমান্তৰালকৈ ৰঙালীৰ ৰঙ(Rangali Bihu 2022) ত মতলীয়া হ’ল ৰাজ্যবাসী ৷ চহৰীয়া ব্যস্ততাৰ মাজতো হোজাইৰ মহিলাসকলে একগোট হৈ পৰিৱেশন কৰিলে বিহু হুঁচৰি(Local womens performed Bihu husori in Hojai) ৷ এটি মহৎ উদ্দেশ্য আগত ৰাখি মহিলাসকলে ঘৰে ঘৰে গৈ হুঁচৰি পৰিৱেশন কৰে ৷
বিগত দুবছৰে ৰাজ্যবাসীয়ে কৰ’ণা মহামাৰীৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত উদযাপন কৰিব পৰা নাছিল কোনো ধৰণৰ অনুষ্ঠান অথবা পালন কৰিব পৰা নাছিল অসমীয়াৰ তেজৰ সৈতে একাত্ম হৈ থকা বিহু ৷ কিন্তু প্ৰায় দুবছৰৰ অন্তত ৰাজ্যবাসীয়ে এইবেলি উদযাপন কৰিবলৈ সক্ষম হৈছে ৰঙালী বিহুকে ধৰি অন্যান্য ৰাজহুৱা অনুষ্ঠানসমূহ ৷