হোজাই, 18 এপ্ৰিলঃ হোজাই আৰক্ষী থানাৰ চৌহদতেই ৰঙালী বিহুৰ আনন্দ ললে কৰ্তব্যৰত আৰক্ষী সকলে । কঁকাল ভাঙি নাচি বিহু হুচৰি গালে আৰক্ষীৰ লোকসকলে ৷
কৰ্ম ব্যস্ততাৰ মাজতেই হোজাই থানাৰ চৌহদত বিহু - ৰঙালী বিহু
কৰ্ম ব্যস্ততাৰ মাজতো হোজাই আৰক্ষীয়ে বিহুগীত গাই এপাক কঁকাল ঘুৰাই নাচি আনন্দ ল'লে ৷ আতংকৰ মাজতো যেন ৰঙালীৰ ৰং ম্লান পৰা নাই অসমীয়া ৰাইজৰ মনৰ পৰা ৷
ক'ৰণা ভাইৰাছৰ আতংকয়ো যেন ম্লান কৰিব পৰা নাই অসমীয়াৰ বাপতি সাহোন হেঁপাহৰ ৰঙালী বিহুটিক । তাৰ ফলশ্ৰুতিতেই হোজাই আৰক্ষী থানাৰ চৌহদত শুকুৰবাৰে সন্ধিয়া কৰ্মৰত আৰক্ষীয়ে বিহু উদযাপন কৰে । ইফালে কʼৰণা ভাইৰাছৰ আতংক আনফালে কৰ্ম ব্যস্ততা তাৰ মাজতো বিহুৰ সময়ত আপোন ঘৰ খনৰ পৰিয়ালৰ পৰা দূৰৈত থাকিব লগা হোৱাৰ বাবে থানাৰ বাকৰিতে সামাজিক দুৰত্বৰ ব্যৱধান বজাই ৰাখি বিহু হুঁচৰি মৰাৰ লগতে বিহু গীত গাই হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ লয় । চেনেহৰ ৰঙালী বিহুটি অনুষ্টুপীয়াকৈ উদযাপন কৰি হ'লেও চেনেহৰ বিহুটিৰ আনন্দ লোৱাৰ কথা ব্যক্ত কৰে আৰক্ষী সকলে ৷