হোজাই, 11 নবেম্বৰ : হোজাইত বেংক মেনেজাৰৰ মৃতদেহ উদ্ধাৰ । চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে পাঞ্জাৱ নেশ্যনেল বেংকৰ মেনেজাৰ মৃদুল দাস । ৰহস্যজনক অৱস্থাত মেনেজাৰৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ । হোজাইৰ গোবিন্দপল্লীত উদ্ধাৰ কৰা হৈছে বেংক মেনেজাৰজনৰ মৃতদেহ । শোৱনি কোঠাত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃদুল দাসৰ মৃতদেহ ।
গোবিন্দপল্লীৰ সুভাষ বসুৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল মৃত মেনেজাৰ গৰাকী । আগষ্ট মাহত পাঞ্জাৱ নেচনেল বেংকৰ হোজাই শাখাত নিযুক্তি পোৱাৰ পিচৰে পৰা ভাড়াতীয়া হিচাপে থকা মৃত মেনেজাৰ গৰাকীৰ ঘৰ শ্বিলঙত বুলি জনা গৈছে । পৰৱৰ্তী সময়ত হোজাই আৰক্ষী উপস্থিত হৈ গ্ৰীলৰ তলা কাটি কোঠালিত প্ৰৱেশ কৰাৰ পিছত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে মৃতদেহটো ।