হোজাই, 4 আগষ্ট :হোজাই সমষ্টিৰ অন্তৰ্গত নীলবাগানৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ তলত পুখুৰী সদৃশ গাঁত সৃষ্টি হোৱাৰ বাবে বহুদিনৰ পৰা জীয়াটো ভুগি আহিছে নিলবাগানবাসী ৰাইজে । সেয়েহে দেওবাৰে নীলবাগান যুৱক সমাজ, ব্যৱসায় আৰু স্থানীয় ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থা : প্ৰতিবাদ সাব্যস্ত নিলবাগানবাসী ৰাইজৰ - নীলবাগান যুৱক সমাজ, ব্যৱসায় আৰু স্থানীয় ৰাইজৰ প্ৰতিবাদ
হোজাইৰ নীলবাগানৰ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেঁতুৰ তলৰ পথৰ দুৰৱস্থাই ৰাইজক জীয়াতু ভোগাইছে ৷ নীলবাগান যুৱক সমাজ,ব্যৱসায় আৰু স্থানীয় ৰাইজে দেওবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷
![ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থা : প্ৰতিবাদ সাব্যস্ত নিলবাগানবাসী ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8284655-1043-8284655-1596509661322.jpg)
প্ৰতিবাদ সাব্যস্ত নিলবাগানবাসী ৰাইজৰ
ৰাষ্ট্ৰীয় ঘাইপথৰ দূৰৱস্থা
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানকাৰী সংস্থা, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,নগাঁও সাংসদ প্ৰদুৎ বৰদলৈ,মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰূদ্ধে বিভিন্ন শ্ল'গান দিয়ে প্ৰতিবাদকাৰীয়ে ৷ নীলবাগান পথৰ পুনৰ নিৰ্মাণ তথা মেৰামতি অতি সোনকালে নকৰিলে পৰৱৰ্তী পৰ্যায়ত নিলবাগানবাসী ৰাইজে ভয়ংকৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৷
লগতে পঢ়ক :মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি সলালে আই নদীয়ে : পানীৰ তলত সমগ্ৰ গাঁও