হোজাই, 8 এপ্ৰিল :হোজাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ উদ্যোগত বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা । আগন্তুক বাৰিষা কালত হ’ব পৰা সম্ভাব্য বানপানীৰ ক্ষয়-ক্ষতি প্ৰতিৰোধৰ বাবে আগতীয়া কি ধৰণৰ ব্যৱস্থা লব পৰা যায় তাৰ ওপৰত আলোচনা হয় সভাখনত ৷ উক্ত সভাত উপস্থিত থাকে জিলা উপায়ুক্ত ডাঃ সদনেক সিং, ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু কেইটা বিভাগৰ বিষয়া কৰ্মচাৰী ৷ বানপানীৰ সময়ত যাতে অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে চক্ৰ বিষয়া আৰু বিভাগ সমুহৰ বিষয়া সকলক আগতীয়াকৈ সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ লগতে সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে উপায়ুক্ত গৰাকীয়ে ৷
হােজাই জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ উদ্যোগত সভা - হোজাই জনসংযোগ বিভাগ
হোজাই জিলা দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ উদ্যোগত আগন্তুক বাৰিষা কালত হব পৰা সম্ভাব্য বানপানীৰ ক্ষয় ক্ষতি প্ৰতিৰোধৰ বাবে আগতীয়াকৈ কি ধৰণৰ ব্যৱস্থা লব পৰা যায় তাৰ ওপৰত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা ৷ উক্ত সভাত উপস্থিত থাকে জিলা উপায়ুক্ত ডাঃ সদনেক সিং, ৰাজহ চক্ৰ বিষয়াৰ লগতে বহু কেইটা বিভাগৰ বিষয়া কৰ্মচাৰী ৷
![হােজাই জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ উদ্যোগত সভা awarness meeting regardinf upcomimg flood of assam in hojai dc office](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11331418-869-11331418-1617895316955.jpg)
হােজাই জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ সভা
সভাত জিলাখনৰ তিনিটা ৰাজহ চক্ৰৰ ক্ষেত্ৰ বিষয়া সকলে পাৱাৰ পইন্ট প্ৰজেক্সনৰ জৰিয়তে সম্ভাব্য বানপানীৰ পৰা হ’ব পৰা ক্ষয়-ক্ষতিৰ প্ৰতিৰোধমূলক ব্যৱস্থাৰ ওপৰত এক সাম্যক ধাৰণা দাঙি ধৰে । উক্ত সভাত জিলা দুৰ্যোগ ব্যবস্থাপনা কর্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰী শংকৰ দাস, দুৰ্যোগ ব্যৱস্থাপনা কর্তৃপক্ষৰ জিলা প্ৰকল্প বিষয়া হিমপর্ণা কলিতাও উপস্থিত থাকে ৷ এই বিষয়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে হোজাই জনসংযোগ বিভাগে জানিবলৈ দিয়ে ।
লগতে পঢ়ক :নন্দিতা কোঁৱৰক চাৰি বছৰৰ সশ্ৰম কাৰাদণ্ড