হোজাই, 7 আগষ্ট : ‘‘নিষিদ্ধ ড্ৰাগছৰ লগত যদি কোনোবা জড়িত থকাৰ প্ৰমাণ পোৱা যায়, তেন্তে তেনে লোকক প্ৰথমতে সমাজৰ পৰা বহিষ্কাৰ কৰা হ’ব ৷ দ্বিতীয়তে পৰিয়ালৰ কোনো সদস্যৰ মৃত্যু হ’লেও কোনো লোককে কবৰস্থানত কবৰ দিবলৈ দিয়া নহ’ব ৷ তৃতীয়তে তেনে লোকক গাঁৱৰ পৰাই উচ্ছেদ কৰা হ’ব ৷’’ হোজাইৰ মোৰাঝাৰত অনুষ্ঠিত হোৱা ড্ৰাগছ বিৰোধী এক সজাগতা সভাত গ্ৰহণ কৰা হয় এই প্ৰস্তাৱ ৷
সকলোৰে জ্ঞাত যে, ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ৷ এই অভিযানৰ অংশস্বৰূপে ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত বহু ব্যৱসায়ী তথা অভিযুক্তক ৷ ড্ৰাগছ বিৰোধী অভিযানৰ লগত সংগতি ৰাখি হোজাইৰ মোৰাঝাৰত প্ৰগতিশীল যুৱ সমাজৰ উদ্যোগত আয়োজন কৰা হয় এখনি ড্ৰাগছ বিৰোধী সভা ৷