হোজাই,6 এপ্ৰিল:ৰাজ্যত বৃদ্ধি পাইছে ভূ -মাফিয়াৰ দপদপনি । ভূ-মাফিয়াৰ চকু এইবাৰ দৰিদ্ৰ পৰিয়ালৰ মাটিত । ভূ-মাফিয়াক মাটি বিক্ৰী নকৰো বুলি ক’লেও নিশা গুণ্ডা বাহিনী লগত লৈ মাৰপিট কৰাৰ লগতে বাসগৃহ ভাঙি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ৷ হোজাইত সংঘটিত হৈছে তেনে এক ঘটনা ৷
হোজাইৰ উদালী বৰজহা গাঁৱত সোমবাৰে নিশা ভূমিকেন্দ্ৰিক বিবাদক কেন্দ্ৰ কৰি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে, অতিকৈ দৰিদ্ৰ পৰিয়ালৰ ব্যক্তি ফাইজুৰ ৰহমান আৰু পৰিয়ালে বহু বছৰ ধৰি উদালী বৰজহা গাঁৱত বসবাস কৰি আহিছিল । কিন্তু সোমবাৰে নিশা সেই ঘৰ ভূ-মাফিয়াৰ এটা দলে ভাঙি চুৰমাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷