অসম

assam

By

Published : Jun 16, 2019, 6:59 PM IST

Updated : Jun 16, 2019, 8:18 PM IST

ETV Bharat / state

কেনে আছে ঝাৰখণ্ডৰ এম্বুশ্বত আহত অসম সন্তান জোৱান শম্ভু মালা ?

ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত আহত আন এগৰাকী অসম সন্তান ৷ মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱান শম্ভু মালা বৰ্তমানে ৰাঁচীত চিকিৎসাধীন ৷

কেনে আছে ঝাৰখণ্ডৰ এম্বুশ্বত আহত অসম সন্তান জোৱান শম্ভু মালা ?

হোজাই, 16 জুন : মাওবাদীৰ আক্ৰমণত ঝাৰখণ্ডত আহত হোৱা কোব্ৰা কমাণ্ডোৰ বীৰ জোৱান অসম সন্তান শম্ভু মালা বৰ্তমানে চিকিৎসাধীন ৰাঁচীত ৷ মুখমণ্ডল আৰু দেহৰ ভিন্ন অংশত আঘাতপ্ৰাপ্ত শম্ভু মালাই ২০১২ চনত যোগদান কৰিছিল চি আৰ পি এফত । পাচত ২০১৬ চনত কোব্ৰা কমাণ্ডোত যোগদানৰ পৰাই ঝাৰখণ্ডত নিয়োগ হৈ আছে শম্ভু মালা । চলিত বৰ্ষৰ ১৭ জানুৱাৰীত ধেমাজিৰ মিনা মালাৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা শম্ভু মালাৰ ভাল বন্ধুত্ব আছিল বীৰ শ্বহীদ জোৱান সুনীল কলিতাৰ সৈতে ৷ বৰ্তমান চিকিৎসাধীন হৈ থকা জোৱান গৰাকীক তেওঁৰ পৰিয়ালৰ সদস্যই ইতিমধ্যে ৰাঁচীত সাক্ষাৎ কৰি আহিছে ।

কেনে আছে ঝাৰখণ্ডৰ এম্বুশ্বত আহত অসম সন্তান জোৱান শম্ভু মালা ?

ৰাঁচীৰ পৰা উন্নত চিকিৎসাৰ বাবে আহত জোৱানজনক দিল্লীলৈ অনা হ'ব বুলি ইতিমধ্যে কোব্ৰা কমাণ্ডোৰ শীৰ্ষ বিষয়াই অৱগত কৰিছে উল্লেখ কৰে জোৱানগৰাকীৰ পিতৃ-মাতৃয়ে ৷ পুত্ৰৰ আহতৰ খবৰত পিতৃ-মাতৃ উচুপি উঠিছে যদিও দেশমাতৃৰ সেৱাত নিয়োজিত পুত্ৰক লৈ গৰ্বিত এতিয়া তেওঁলোক ৷ ইপিনে ইন্দ্ৰজিত মালা আৰু ফুলপতি মালাৰ চাৰি সন্তানৰ ভিতৰত দুগৰাকী সন্তানে দেশ ৰক্ষাৰ বাবে নিয়োজিত হৈ আছে । আহত শম্ভু মালাৰ আন এগৰাকী ভাতৃ ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষীত নিয়োজিত হৈ আছে ৷

উল্লেখ্য যে, ২৮ মে'ত চলোৱা ভয়ংকৰ এম্বুশ্বত ২০৯ কোব্ৰা কমাণ্ডোৰ হোজাইৰ বীৰ জোৱান শম্ভু মালা সহ কেইবাজনো জোৱান আহত হোৱাৰ লগতে শ্বহীদ হৈছিল বহুকেইগৰাকী ৷

Last Updated : Jun 16, 2019, 8:18 PM IST

ABOUT THE AUTHOR

...view details