হোজাই,১ এপ্ৰিল :হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি অন্তিম দিন (Assam HSLC exam)। শনিবাৰে ভয়ে ভয়ে শিক্ষাৰ্থীসকল আহিছে পৰীক্ষাকেন্দ্ৰলৈ । এতিয়াও শিক্ষাৰ্থীসকলৰ মনত প্ৰশ্নকাকত ফাদিলৰ দুশ্চিন্তা আছে (HSLC question paper leaked)। অৱশ্যে সুচাৰুৰূপে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অন্তিম দিনৰ পৰীক্ষা ।
উল্লেখ্য যে যোৱা ১৮ মাৰ্চত অনুষ্ঠিত হোৱাৰ কথা আছিল অসমীয়া বিষয়ৰ পৰীক্ষা । কিন্তু প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পিছুৱাই দিয়া হৈছিল পৰীক্ষা (HSLC Assamese question paper leaked)। শনিবাৰ অৰ্থাৎ আজি ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে অসমীয়া তথা আন মাতৃভাষা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হৈছে । প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত মানসিক চাপৰ বশবৰ্তী হৈ অৱশেষত পৰীক্ষাত বহিল ছাত্ৰ-ছাত্ৰীসকল ।
ইয়াৰ মাজতে অসম চৰকাৰলৈ অভিভাৱকৰ অনুৰোধ যাতে অনাগত দিনত পৰীক্ষাসমূহ সুচাৰুৰূপে অনুষ্ঠিত হোৱাত চৰকাৰে গুৰুত্ব দিয়ে । অন্যথা এনে পৰিৱেশত ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলো বহু হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয় হয় । ৰাজ্যৰ বাকী অঞ্চলৰ দৰে হোজাই জিলাৰো প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে । লংকাৰ নেতাজী বিদ্যা নিকেতন হাই চেকেণ্ডৰী স্কুলতো কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছে অসমীয়া তথা মাতৃভাষা বিষয়ৰ পৰীক্ষা ।