অসম

assam

ETV Bharat / state

বিধায়ক শিলাদিত্যৰ বিৰুদ্ধে সৰৱ হোজাইৰ বন্যাৰ্ত - MLA Siladitya dev

অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে প্ৰৱল বান । কিন্তু বিধায়ক তথা জন প্ৰতিনিধিয়ে বানাক্ৰান্তৰ খবৰ নকৰাৰ অভিযোগ । এইবাৰ বানপীড়িত ৰাইজে এই অভিযোগ প্ৰদান কৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে । ৰাইজৰ অভিযোগ অনুসৰি, নিজ সমষ্টিৰ বানপীড়িত লোকৰ দুখ-দুৰ্দশাৰ খবৰ নোলোৱাৰ অভিযোগ ৰাইজৰ।

Assam: Hojai reels under floods
Assam: Hojai reels under floods

By

Published : Jul 3, 2020, 5:27 PM IST

হোজাই, ৩ জুলাই :নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে প্ৰৱল বানৰ । কোভিড-১৯ ৰ সমান্তৰালভাবে বানে জুৰুলা কৰিছে ৰাইজক । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাৰ বিভিন্ন অঞ্চলত সৃষ্টি হৈছে প্ৰৱল বান । কিন্তু বিধায়ক তথা জন প্ৰতিনিধিয়ে বানাক্ৰান্তৰ খবৰ নকৰাৰ অভিযোগ । এইবাৰ বানপীড়িত ৰাইজে এই অভিযোগ প্ৰদান কৰিছে হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰূদ্ধে । ৰাইজৰ অভিযোগ অনুসৰি, নিজ সমষ্টিৰ বানপীড়িত লোকৰ দুখ-দুৰ্দশাৰ খবৰ নোলোৱাৰ অভিযোগ ৰাইজৰ।

হোজাইৰ বিধায়কৰ বিৰুদ্ধে বানপীড়িত ৰাইজৰ গুৰুতৰ অভিযোগ

উল্লেখযোগ্য যে, দেশত কৰ'ণা ভাইৰাছৰ আতংকৰ সমান্তৰালকৈ অসমত বানপানীৰ সমসাই জুৰুলা কৰিছে ৰাইজক। কপিলী নদীৰ বাঢ়নী পানীয়ে মাথাউৰি চিঙি পেলোৱাৰ ফলত বুৰাই পেলাইছে হোজাই জিলাৰ বহু অঞ্চল । তাৰ মাজতেই হোজাই সমষ্টিৰ অন্তৰ্গত কোমোৰাকটা,কেন্দুগুৰি আদি বহু অঞ্চল এতিয়াও পানীৰ তলত বুৰ গৈ আছে । যাৰ পৰিপ্ৰেক্ষিতত দিশহাৰা হৈ পৰিছে বহু পৰিয়াল । ইতিমধ্যে বানত অঞ্চলবাসী ৰাইজৰ মৃত্যু হৈছে বহু পশুধন । কিন্তু বিধায়ক শিলাদিত্য দেৱে কোনো ধৰণৰ খবৰ নকৰাৰ অভিযোগ ৰাইজৰ ।

হোজাইৰ বিধায়কৰ বিৰুদ্ধে বানপীড়িত ৰাইজৰ গুৰুতৰ অভিযোগ

লগতে পঢ়ক : মঙলদৈত 26000 মাস্ক বিতৰণ বিধায়ক গুৰুজ্যোতি দাসৰ

ABOUT THE AUTHOR

...view details