অসম

assam

ETV Bharat / state

হোজাই ডবকাৰ শালবাগানত গণধৰ্ষণ কাণ্ডঃ ধৰ্ষণকাণ্ডৰ ভিডিঅ' মুকলি চছিয়েল মিডিয়াত - গণধৰ্ষণ কাণ্ড

এগৰাকী যুৱতী নিজ ভিনিহিয়েকৰ লগত আলহী খাবলৈ গৈ ওভটাৰ পথত বাট আগুচি ধৰে পাচঁজন লোকে৷ ভিনিহিয়েক জনক আক্ৰমণ কৰি যুৱতী গৰাকীক ধৰ্ষণ কৰে পাচঁজন যুৱকে৷ ইয়াৰ পিচতো ধৰ্ষণৰ ভিডিঅ প্ৰস্তুত কৰি এই দৃশ্য এৰি দিয়ে ছ'চিয়েল মিডিয়াত ৷

হোজাই ডবকাৰ শালবাগানত গণধৰ্ষণ কাণ্ডঃ ধৰ্ষণকাণ্ডৰ ভিডিঅ মুকলি চছিয়েল মিডিয়াত

By

Published : Apr 24, 2019, 10:38 PM IST

হোজাই, 24 এপ্ৰিলঃ হোজাই ডবকাৰ দীলজাৰুনী গাঁৱৰ শালবাগানত সংঘটিত হয় গণধৰ্ষণ কাণ্ড ৷ পাঁচ নৰপিশাচৰ কামনাৰ বলি হয় এগৰাকী যুৱতী। ইমানতে শান্ত নাথাকি ধৰ্ষনকাণ্ডৰ ভিডিঅ' কৰি ছ'চিয়েল মিডিয়াত মুকলি কৰে ধৰ্ষণৰ ভিডিঅ'। সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এক জঘন্য ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত দীঘলজাৰুনী গাঁৱৰ শালবাগানত৷

হোজাই ডবকাৰ শালবাগানত গণধৰ্ষণ কাণ্ডঃ ধৰ্ষণকাণ্ডৰ ভিডিঅ মুকলি চছিয়েল মিডিয়াত

ঘটনা সন্দৰ্ভত এগৰাকী যুৱতী নিজ ভিনিহিয়েকৰ লগত আলহী খাবলৈ গৈ ওভটাৰ পথত বাট আগুচি ধৰে পাচঁজন লোকে৷ ভিনিহিয়েক জনক আক্ৰমণ কৰি যুৱতী গৰাকীক ধৰ্ষণ কৰে পাচঁজন যুৱকে৷ ইয়াৰ পিচতো ধৰ্ষণৰ ভিডিঅ' প্ৰস্তুত কৰি এই দৃশ্য এৰি দিয়ে ছ'চিয়েল মিডিয়াত ৷

পৰৱৰ্তী সময়ত যুৱতী আৰু পৰিয়ালে ডবকা থানাত এজাহাৰ দাখিল কৰে ৷ আনহাতে গণধৰ্ষণৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ডবকা আৰক্ষীয়ে ৷ সোধপোচৰ বাবে ভূক্তভোগীৰ ভিনিয়েক ফয়জুৰ হককো আটক কৰে আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰা যুৱক কেইজন ক্ৰমে গোলাপ হুছেইন, চহীদ আহমেদ আৰু দিলুৱাৰ হুছেইন ৷ আন দুজন অপৰাধী ক্ৰমে আব্দুল মতিন আৰু আলিম উদ্দিন বৰ্তমান পলাতক যদিও অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ বাবে ইতিমধ্যে ডবকা আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

...view details