অসম

assam

ETV Bharat / state

বনাঞ্চল ধ্বংস যজ্ঞৰ বিৰুদ্ধে তৎপৰ ৰাজ্যৰ বনবিভাগ

ৰাজ্যৰ বন বিভাগে বনাঞ্চলসমূহত চলি থকা ধ্বংস যজ্ঞৰ বিৰুদ্ধে তৎপৰ হৈ তীব্ৰ অভিযান চলাইছে ৷ শেহতীয়াকৈ নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লটানি চাপৰি আৰু কাৱৈমাৰী অঞ্চলৰ পৰা দুটাকৈ অবৈধ বেঞ্চ কাঠমিল উৎখ্যাত কৰে বন বিভাগে ৷ সমান্তৰালভাৱে হোজাই জিলাৰ লংকাতো বনবিভাগে চলালে অভিযান ৷

assam-forest-departments-mission-against-deforestation
বনাঞ্চল ধ্বংস-যজ্ঞৰ বিৰুদ্ধে তৎপৰ ৰাজ্যৰ বনবিভাগ

By

Published : Jun 27, 2021, 8:42 PM IST

নিউজ ডেস্ক, 27 জুন :বন বিভাগৰ সতৰ্ক দৃষ্টিৰ মাজতো একাংশ অসৎ লোকৰ দ্বাৰা অব্যাহত আছে বনাঞ্চল ধ্বংস যজ্ঞ(deforestation) । বনাঞ্চল ধ্বংস কৰা এইসকল লোকৰ বিৰুদ্ধে তৎপৰ হৈ বন বিভাগে(forest department) চলাইছে তীব্ৰ অভিযান ৷ ৰাজ্যৰ ক’ত ক’ত চলিল বন বিভাগৰ অভিযান-

নগাঁও জিলাৰ চামগুৰিত বন বিভাগৰ অভিযান :

শনিবাৰে নিশা নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অভিযান চলাই চামগুৰি সমষ্টিৰ অন্তৰ্গত লটানি চাপৰি আৰু কাৱৈমাৰী অঞ্চলৰ পৰা দুটাকৈ অবৈধ বেঞ্চ কাঠমিল উৎখাত কৰে ৷ লগতে যন্ত্ৰ-পাটি সমূহো জব্দ কৰিবলৈ সক্ষম হয় ৷ দেওবাৰে পুৱা প্ৰায় ৯.৩০ মান বজাত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চলচলিৰ বামুণগাঁও চাৰিআলিৰ পৰা এ এছ ০১ ডি চি ৭৩৫৮ নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি মিনি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

চাপানালা খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীসকলে জব্দ কৰা উক্ত চোৰাং শাল কাঠসমূহৰ মূল্য আনুমানিক অৰ্ধ লক্ষাধিক টকা হ‘ব ৷ অৱশ্যে চোৰাং কাঠ সৰবৰাহকাৰীৰ দলটোৱে সুযোগ বুজি গাড়ী এৰি পলায়ন কৰিবলৈ সক্ষম হয় ৷ যাৰ বাবে চোৰাং কাঠৰ ব্যৱসায়ৰ লগত জড়িত এজন লোককো কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল বন বিভাগ ।

বনবিভাগে জব্দ কৰা কাঠ

হোজাই জিলা লংকাত বন বিভাগৰ অভিযান:

হোজাই জিলাৰ লংকাতো বন বিভাগে চলালে অভিযান ৷ বন বিভাগৰ এই অভিযানত জব্দ হ’ল এখন আগৰ ভৰ্তি ট্ৰাক । ট্ৰাকসহ আনুমানিক ৪৫০০ কিল’গ্ৰাম আগৰ কাঠ জব্দ কৰিলে অভিযানকাৰী দলটোৱে ।

বন বিভাগে সদৰী কৰা মতে, জব্দ কৰা কাঠখিনিৰ প্ৰায় ৩০০০ কিল’গ্ৰাম কাঠ অবৈধভাৱে কঢ়িয়াই আনিছিল ট্ৰাকখনে । এই আগৰ কাঠখিনিৰ বজাৰ মূল্য আনুমানিক ৯০ লাখ টকা হ’ব ৷ জব্দ কৰা কাঠখিনি বৰ্তমান লংকা বনাঞ্চলিক কাৰ্যালয়ত ৰাখি বন বিভাগে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :মহাজোঁটৰে ব্যৱধান বঢ়াই মুখ্যমন্ত্ৰীৰে ব্যৱধান কমাইছে হাগ্ৰামাই

ABOUT THE AUTHOR

...view details