নিউজ ডেস্ক, 9 জুন : অসমত পুনৰ 113 গৰাকী লোকৰ দেহত চিনাক্ত ক'ভিড-19 ৷ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে প্ৰকাশ কৰিছে এই কথা ৷ মঙলবাৰৰ দিনটোত চিনাক্ত হোৱা মুঠ ৰোগীৰ সংখ্যা 215 গৰাকী ৷
শেহতীয়াকৈ চিনাক্ত হোৱা 113 গৰাকী ৰোগীৰ ভিতৰত হোজাইৰ 21 গৰাকী, ওদালগুৰিৰ 17 গৰাকী, নগাঁৱৰ 16 গৰাকী, বৰপেটাৰ 12 গৰাকী, গোৱালপাৰাৰ 9 গৰাকী, বঙাইগাঁৱৰ 5 গৰাকী, কামপৰূপ মেট্ৰ'ৰ 4 গৰাকী, ডিব্ৰুগড় জিলাৰ 3 গৰাকী, যোৰহাটৰ 2 গৰাকী, কৰিমগঞ্জ, চিৰাঙ, বশিষ্ঠত এগৰাকীকৈ আৰু মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত এগৰাকীৰ দেহত পোৱা গৈছে ক'ভিড-19 ৷