হোজাই, 14 ফেব্ৰুৱাৰী : নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হোৱা পৰিলক্ষিত হৈছে শাসকীয়-বিৰোধী দল ৷ প্ৰতিদিনে বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলে ৷ দেওবাৰে নিৰ্বাচনক কেন্দ্ৰ কৰি হোজাই জিলা ভ্ৰমণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ চৰকাৰী অনুস্থানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে হোজাইত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
বিয়লি 1 বাজি 30 মিনিটত বজাত বিহুতলী ৰাজহুৱা খেলপথাৰত হেলিকপ্টাৰ অৱতৰন হোৱাৰ পিচত স্থল পথেৰে ৰাধানগৰ পঞ্চায়তৰ শিলিগুৰি বস্তিৰ বৃদ্ধ প্ৰভুৰ আশ্ৰমৰ বাকৰিত অনুষ্ঠিত হোৱা বিজেপিৰ পৃষ্ঠা প্ৰমূখ কাৰ্যসূচীত ভাগ লৈ বিজেপিৰ কাৰ্যকর্তাক উদ্দেশ্যি ভাষণ প্ৰদান কৰে । পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হোজাই গাঁও পঞ্চায়ত মেলাত উপস্থিত হৈ বিভিন্ন গাঁৱৰ পৰা অহা অংশগ্ৰহণকাৰীসকলৰ সৈতে মত-বিনিময় কৰে । মেলাত স্থানীয় ঐতিহ্যৰ নিদৰ্শন, হস্তশিল্প আদি প্ৰদৰ্শন কৰে ।
লগতে পঢ়ক :ফলে-ফুলে জাতিষ্কাৰ এটি অংগনবাদী কেন্দ্ৰ