অসম

assam

ETV Bharat / state

পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে প্ৰতিবাদ লংকাত - আত্মসাৎ

হোজাই জিলা লংকাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ দুবাৰকৈ পথ নিৰ্মাণৰ বাবে আৱন্টিত হ'ল ধন কিন্তু নিৰ্মাণ নহ'ল পথ ৷

পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে প্ৰতিবাদ লংকাত

By

Published : Aug 8, 2019, 11:16 AM IST

হোজাই,8 আগষ্ট : হোজাই জিলা লংকাত পথ নিৰ্মাণৰ নামত দুৰ্নীতি ৷ ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ বিষয়া,কৰ্মচাৰীৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷

পথ নিৰ্মাণৰ নামত কৰা দুৰ্নীতিৰ বাবে প্ৰতিবাদ লংকাত

অভিযোগ অনুসৰি , লংকাৰ ৰাণীপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত পথটোৰ দুৰৱস্থাৰ বাবে বহু সমস্যাত ভুগি আহিছে অঞ্চলবাসী ৷ পথটো নিৰ্মাণৰ বাবে এম জি এনৰেগাৰ আঁচনিৰ অধীনত ২০১৪-১৫ বৰ্ষত ১৭,৯৩,৩৪২ টকা আৱন্টিত হোৱাৰ লগতে সেই একেটা পথ পুনৰ নিৰ্মাণৰ বাবে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট‌ আঁচনিৰ অধীনত ২০১৭-১৮ বৰ্ষত ১৪,৪০০০টকা আৱন্টিত হৈছিল ৷ কিন্তু একেটা পথৰ নামত দুটাকৈ আঁচনিৰ মাধ্যমৰে ধন আৱন্টিত হ'ল যদিও, ৰহস্যজনকভাৱে আজি পৰ্যন্ত নিৰ্মাণ নহ'ল পথটো ৷ পথৰ দুয়ো কাষে দুখনকৈ ফলক আৰিয়ে দায়িত্ব সামৰিলে পঞ্চায়তটোৰ বিষয়া, ঠিকাদাৰে ৷ পুখুৰী সদৃশ এই পথৰ বাবে স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে আৰু বৃহস্পতিবাৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ইফালে, পথটোৰ দুৰৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰসকলে বিদ্যালয়লৈ যাবলৈও বহু সমস্যাত ভোগে ৷ অতি শীঘ্ৰে পথটো নিৰ্মাণৰ দাবী জনায় স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details