অসম

assam

ETV Bharat / state

লংকাত জব্দকৃত ট্ৰাক মোকলাই দিবলৈ বন বিষয়াক হেঁচা প্ৰয়োগ - বন মাফিয়াৰ

হোজাইৰ লংকাত বন মাফিয়াৰ দপদপনি । জব্দকৃত ট্ৰাক মোকলাই দিবলৈ বন বিষয়াৰ ওপৰত হেঁচা প্ৰয়োগ মাফিয়াৰ । বন বিভাগে ট্ৰাককেইখন লংকাৰ পৰা ১৫ কিলোমিটাৰ দূৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা কাৰ্যত সন্দেহ প্ৰকাশ স্থানীয় দল-সংগঠনৰ ।

লংকাত জব্দকৃত ট্ৰাক মোকলাই দিবলৈ বন বিষয়াক হেঁচা প্ৰয়োগ
লংকাত জব্দকৃত ট্ৰাক মোকলাই দিবলৈ বন বিষয়াক হেঁচা প্ৰয়োগ

By

Published : Nov 12, 2020, 8:40 PM IST

হোজাই, ১২ নৱেম্বৰ: ৩ দিন পূৰ্বে লংকা আঞ্চলিক বন বিষয়াই পি গেভেলছৰ ট্ৰাক জব্দ কৰাৰ পিছৰে পৰা আৰম্ভ হৈছে বন মাফিয়াৰ উদ্ভণ্ডালি। গোপন সূত্ৰৰ পম খেদি লংকাত ৫ খন পি গ্ৰেভেল ভৰ্তি ট্ৰাক জব্দ কৰিছিল লংকা আঞ্চলিক বন বিষয়াৰ নেতৃত্বত অভিযান চলোৱা এটা দলে। জব্দকৃত ট্ৰাককেইখন মোকলাই দিবলৈ বন বিষয়াৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আছে একাংশ বন মাফিয়াই। আনহাতে, ট্ৰাককেইখন জব্দ কৰি লংকা বন কাৰ্যালয়ৰ পৰা ১৫ কিলোমিটাৰ দূৰত থকা লংকাজান উপ-খণ্ড বন বিভাগৰ কাৰ্যালয়ৰ কাষত তথা লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থয়।

বন বিভাগৰ এনে কাৰ্যত ক্ষুদ্ধ হৈ পৰে স্থানীয় দল সংগঠন । জব্দকৃত ট্ৰাককেইখনৰ চালানো ভুৱা বুলি দাবী কৰে সংগঠনকেইটাই । কিয়নো, উক্ত চালানকেইখন কাৰ্বি আংলঙৰ আৰু কাৰ্বি আংলঙত এই পৰ্যন্ত পি গ্ৰেভেলৰ খনিৰ অনুমতি দিয়া নাই। তেনেস্থলত জব্দকৃত ট্ৰাককেইখনে এই চালানবোৰ ক'ৰ পৰা পালে বুলি প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় সংগঠনবোৰে । চালানকেইখনত উল্লেখ থকা মতে পি গ্ৰেভেল অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ আগৰতলালৈ ৰপ্তানি কৰা হৈছে।

কিন্তু চৰকাৰী নিৰ্দেশনা অনুসৰি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ পি গ্ৰেভেল ৰপ্তানি কৰিবলৈ চালনৰ উপৰিও টি পি থাকিব লাগিব। কৰ ফাকি দি একাংশ দুষ্ট চক্ৰই পি গ্ৰেভেলৰ ব্যৱসায় চলাই আহিছে । ইফালে, জব্দকৃত ট্ৰাককেইখন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা কাৰ্যক লৈ সন্দেহ প্ৰকাশ কৰিছে দল-সংগঠনে ।

লগতে পঢ়ক:বিজেপিত যোগদান সহস্ৰাধিক প্ৰাক্তন আছু সদস্যৰ

ABOUT THE AUTHOR

...view details