অসম

assam

ETV Bharat / state

হোজাইত বাটৰ নাটেৰে অৰুণোদয় আঁচনিৰ প্ৰচাৰ - অৰুনোদয় আঁচনি

অভিলাষী আঁচনি অৰুণোদয় সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰচাৰৰ বাবে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক অভিনৱ কৌশল ৷

হোজাইত বাটৰ নাটেৰে অৰুনোদয় আঁচনিৰ প্ৰচাৰ
হোজাইত বাটৰ নাটেৰে অৰুনোদয় আঁচনিৰ প্ৰচাৰ

By

Published : Oct 9, 2020, 9:44 PM IST

হোজাই, 9অক্টোবৰ : হোজাইত বাটৰ নাটেৰে চৰকাৰৰ অৰুনোদয় আঁচনিৰ প্ৰচাৰ অভিযান । হোজাইত বাটৰ নাটেৰে অৰুণোদয় আঁচনিৰ প্ৰচাৰ অভিযান আৰম্ভ হয় । উল্লেখযোগ্য যে, অসম চৰকাৰৰ অভিলাষী আঁচনি অৰুণোদয় সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে প্ৰচাৰৰ বাবে হোজাই জিলা প্ৰশাসনে গ্ৰহণ কৰিছে এক অভিনৱ কৌশল ৷

বাটৰ নাটেৰে অৰুণোদয় আঁচনিৰ প্ৰচাৰ

নাট্যকাৰ আৰু পৰিচালক অচ্যুত ঠাকুৰীয়াৰ ৰচনা আৰু পৰিচালনাৰে স্থানীয় শিল্পীৰ দহজনীয়া দলে এখনি বাটৰ নাটৰ প্ৰথম দৰ্শনীৰ জৰিয়তে অৰুণোদয় আঁচনিৰ প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত ৷

হোজাইত বাটৰ নাটেৰে অৰুণোদয় আঁচনিৰ প্ৰচাৰ

ৰাতিপুৱা দহ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানত বাটৰ নাটৰ প্ৰথম দৰ্শনী শুভাৰম্ভ আনুষ্ঠানিকভাবে ঘোষণা কৰি উপায়ুক্ত ডা° সদনেক সিংঙে অৰুণোদয় আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বক্তব্য দাঙি ধৰে ৷ জনপ্ৰিয় আঁচনি খনৰ বহুল প্ৰচাৰৰ বাবে শিল্পীৰ দলটোৱে জিলাখনৰ চুকে কোনে এসপ্তাহ ধৰি বাটৰ নাট পৰিৱশন অব্যাহত ৰাখিব ।

লগতে পঢ়ক :আমিনগাঁৱত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

ABOUT THE AUTHOR

...view details