হোজাই , 29 জানুৱাৰী :চৰকাৰী কাৰ্যালয় সমূহত চলি থকা দুৰ্নীতি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰ কঠোৰ হৈছে যদিও এতিয়াও এচাম চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে চৰকাৰৰ এই পদক্ষেপক ভ্ৰক্ষেপ কৰি অনায়াসে চলাই গৈছে দুৰ্নীতি । শেহতীয়াকৈ এনে এক দৃশ্য দেখিবলৈ পোৱা গৈছে হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰত ৷ ডবকা ৰাজহ বিষয়াৰ কাৰ্য্যালয়ত আব্দুল মতিন নামৰ এজন লাট মণ্ডলে টেবুলৰ তলেৰে ঘোচ লোৱাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে (Doboka Revenue Circle Office corruption) ।
প্ৰাপ্য তথ্য অনুসৰি, ডবকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যালয়ত বহুদিন ধৰি সাধাৰণ লোকক বিভিন্ন কাম কাজৰ বিনিময়ত একাংশ কৰ্মচাৰীয়ে উৎকোচ বিচৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷ উৎকোচ অবিহনে সাধাৰণ লোকক হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপিত হৈছিল ৷ শনিবাৰে সংবাদ মাধ্যমৰ হাতত আহি পৰা ভিডিঅ’ ক্লিপটোৱে পূৰ্বতে উত্থাপিত হৈ অহা সকলো অভিযোগ সত্য বুলি প্ৰমাণিত কৰিলে (Viral video of Doboka Revenue Circle Office corruption) । পিছে এই ভিডিঅ’টো কোনে কেতিয়া সংগ্ৰহ কৰিছে সেইয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই ৷