অসম

assam

ETV Bharat / state

হোজাইৰ দেৱস্থানত পিস্তল আৰু গুলীসহ দুজন গ্ৰেপ্তাৰ - Arms Seized and Two Arrested from Hojai

হোজাইত পিস্তল আৰু গুলীসহ আটক দুজন লোক ৷ ৰকিব আলী আৰু খাইৰুল ইছলাম নামৰ লোকদুজনৰ পৰা আৰক্ষীয়ে নাইন এমএম পিস্তলৰ লগতে দুই জাঁই সজীৱ গুলী জব্দ কৰে ৷

হোজাইৰ দেৱস্থানত পিস্তল আৰু গুলীসহ দুজন গ্ৰেপ্তাৰ
হোজাইৰ দেৱস্থানত পিস্তল আৰু গুলীসহ দুজন গ্ৰেপ্তাৰ

By

Published : Mar 21, 2020, 6:27 PM IST

হোজাই, 21 মাৰ্চ :হোজাইৰ দেৱস্থানত পিস্তল আৰু গুলীসহ দুজন লোক গ্ৰেপ্তাৰ । ধৃত লোকদুজনৰ পৰা এটা নাইন এমএম পিস্তল আৰু ৬ জাঁই সজীৱ গুলী জব্দ কৰে আৰক্ষীয়ে ।

ধৃত ৰকিব আলী আৰু খাইৰুল ইছলাম

ঘটনা অনুসৰি, গোপন সূত্ৰৰ পম খেদি মোৰাঝাৰ দেৱস্থান আৰক্ষীয়ে শনিবাৰে অভিযান চলাই এইদৰে অবৈধ অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ৰকিব আলী আৰু খাইৰুল ইছলাম নামৰ লোক দুজনক । ধৃত ৰকিব আলীৰ ঘৰ গণিয়াৰপাৰ আৰু খাইৰুল ইছলামৰ ঘৰ উত্তৰ নোৱাবিল গাঁৱত বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ হোৱা পিস্তলটো আৰু গুলীসহ

আনহাতে আৰক্ষীৰ অভিযানত আন এজন অস্ত্ৰ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় ৷ আটকাধীন দুয়োজন অভিযুক্তকে আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে ।

ABOUT THE AUTHOR

...view details