হোজাই, 26নৱেম্বৰঃঅসম বিদ্যুৎ শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এপিডিচিএলক ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ প্ৰতিবাদত বৃহস্পতিবাৰে ডংকামোকামস্থিত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দিনজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰীসকলে ৷
ডংকামোকামত APDCLৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে প্ৰতিবাদ - বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা
বৃহস্পতিবাৰে ডংকামোকামস্থিত বিদ্যুৎ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত দিনজোৰা এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে বিভাগটোৰ কৰ্মচাৰীসকলে ৷

ডংকামোকামতো APDCLৰ ব্যক্তিগকৰণৰ বিৰোধীতাৰে প্ৰতিবাদ
পুৱা দহ বজাৰ পৰা বিয়লি পাঁচ বজালৈ ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম, বৈঠালাংছ আৰু উমপানাই বিদ্যু বিভাগৰ উপ-সংমণ্ডলৰ বিষয়া-বৰ্গৰ লগতে কৰ্মচাৰী সকলে মিলিত হৈ দিনজোৰা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন শ্ল’গানেৰে কাৰ্যালয়টোত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়কঃ যোৰহাটত আৰক্ষীৰ জালত তথাকথিত সংগঠনৰ প্ৰবঞ্চক