অসম

assam

ETV Bharat / state

হোজাই জিলা লেখিকা সংস্থাৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন - হোজাই জিলা লেখিকা সংস্থাৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন

দেওবাৰে লংকাৰ পৰশুৰাম মজুমদাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয় অসম লেখিকা সংস্থাৰ হোজাই জিলা শাখাৰ ২০২১ বৰ্ষৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন (Annual convention of Hojai District Writers' Association)। কাৰ্যনিৰ্বাহক সভাত নতুন কমিটী গঠন কৰা হয় ।

Writers Association Annual convention
হোজাই জিলা লেখিকা সংস্থাৰ পঞ্চম দ্বি বাৰ্ষিক অধিবেশন

By

Published : Dec 26, 2021, 6:41 PM IST

হোজাই,২৬ ডিচেম্বৰ :অসম লেখিকা সংস্থাৰ হোজাই জিলা শাখাৰ ২০২১ বৰ্ষৰ পঞ্চম দ্বি-বাৰ্ষিক অধিবেশন দেওবাৰে লংকা পৰশুৰাম মজুমদাৰ ছোৱালী হাইস্কুলত অনুষ্ঠিত হয় (Annual convention of Hojai District Writers' Association)। সংস্থাৰ সভাপতি শেৱালি তামুলী ফুকনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত সংস্থাৰ বাৰ্ষিক মুখপ্ৰত্ৰ 'শ্ৰোতস্বিনী' উন্মোচন কৰে উদলী মহাবিদ্যালয়ৰ অধ্যক্ষ অৰুণ বৰাই ।

অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে হোজাই সাহিত্য সভাৰ সভানেত্ৰী কল্পনা দেৱী গোস্বামী । অধিবেশনৰ মুকলি সভাতে কল্পনা দেৱী গোস্বামীৰ এখন কবিতা পুথি উন্মোচন কৰা হয় । ইয়াৰ পাছতে সাংস্কৃতিক অনুষ্ঠানত শিশু শিল্পী সকলে গীত, নৃত্য আদি পৰিৱেশন কৰাৰ লগতে সংস্থাৰ সদস্যাসকলেও গীত, কবিতা পাঠ কৰাৰ উপৰিও সংস্থাৰ সদস্যাসকলে 'আইতা তুমি জেৰেঙা' নামৰ এখন নাট মঞ্চস্থ কৰে ।

লগতে পঢ়ক :বাক্সাত স্বাস্থ্য বিভাগৰ সৌজন্যত ধঁপাত নিয়ন্ত্ৰণৰ কৰ্মশালা

ABOUT THE AUTHOR

...view details