অসম

assam

By

Published : Sep 3, 2020, 2:58 AM IST

ETV Bharat / state

শিল্পকৰ্মৰে জীৱনৰ পথ প্ৰশস্ত কৰি তোলা হোজাইৰ মৃদুল বৰা

হোজাই জিলা কাকীৰ এজন শিল্পীয়ে দেখুৱাইছে কৰ্ম আৰু সংস্থাপনৰ সুন্দৰ নিদৰ্শন ।

কাকীৰ এজন শিল্পীয়ে দেখুৱাইছে কৰ্ম আৰু সংস্থাপনৰ সুন্দৰ নিদৰ্শন
কাকীৰ এজন শিল্পীয়ে দেখুৱাইছে কৰ্ম আৰু সংস্থাপনৰ সুন্দৰ নিদৰ্শন

হোজাই, 2 ছেপ্টেম্বৰ :আগ্ৰহ আৰু একাগ্ৰতা থাকিলে যে মানুহে সৃষ্টি শিল্পৰ জৰিয়তে হ'লেও নিজৰ জীৱনক আগুৱাই লৈ যাব পাৰে তাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিলে হোজাই জিলা কাকীৰ এজন যুৱকে । 2 নং কাকী নাৰায়ণপুৰৰ নিবাসী মৃদুল বৰা সৰুৰ পৰা আছিল সৃষ্টি শিল্পৰ প্ৰতি আগ্ৰহী ।

কাকীৰ এজন শিল্পীয়ে দেখুৱাইছে কৰ্ম আৰু সংস্থাপনৰ সুন্দৰ নিদৰ্শন

সৰুতেই মানুহৰ অৱয়ৱ মূৰ্তি মাটিৰেই নিৰ্মাণ কৰিছিল এই যুৱকজনে । নিজেই জীৱনত ব্যতিক্ৰমভাৱে কিবা কৰাৰ এটা হেঁপাহ আছিল মৃদুলৰ । সেইমৰ্মেই 2008 চনৰ পৰা নিজৰ ঘৰতেই নিজ প্ৰচেষ্টাৰে নিজক নিয়োজিত কৰিছিল বিভিন্ন মহৎ লোকৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা কামত । বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ,মাধৱদেৱকে ধৰি প্ৰাক্তন ৰাষ্ট্ৰপতি ড° আব্দুল কালামৰ প্ৰতিমূৰ্তিলৈকে প্ৰায় দুই তিনি শতাধিক মহৎ লোকৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে মৃদুলে ।

শিল্পকৰ্মৰে জীৱনৰ পথ প্ৰশস্ত কৰি তোলা হোজাইৰ মৃদুল বৰা

উজনি অসমৰ ডিব্ৰুগড়ৰ পৰা ধৰি মধ্য অসমৰ নগাঁও,মৰিগাঁও,হোজাই,লংকা তথা অসমৰ বিভিন্ন ঠাইত বহু মহৎ ব্যক্তিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে নামঘৰত বিভিন্ন ভগৱানৰ মূৰ্তি নিৰ্মাণ কৰি নিজৰ কৰ্মৰাজিৰ বলত ৰাইজৰ সমাদৰ লাভ কৰিছে মৃদুলে । আনহাতে কাকী 2 নং চাৰিআলিত থকা ড° ভূপেন হাজৰিকা দেৱৰ মূৰ্তিও তৈয়াৰ কৰিছে মৃদুলে ।

কাকীৰ এজন শিল্পীয়ে দেখুৱাইছে কৰ্ম আৰু সংস্থাপনৰ সুন্দৰ নিদৰ্শন

লামডিং সমষ্টিৰ বিজেপি দলৰ বিধায়ক শিবু মিশ্ৰৰ নিৰ্দেশমৰ্মে নিজ ঘৰতেই বৰ্তমান মৃদুল ব্যস্ত প্ৰায় 17 ফুট উচ্চতাৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত । নিজৰ ক্ষুদ্ৰ উদ্যোগটোত মূৰ্তি নিৰ্মাণ কৰা কাৰ্য্যত নিজৰ লগতে গাঁৱৰে স্থানীয় চাৰি-পাঁচজন উদীয়মান যুৱকক সহকাৰী হিচাপে কৰ্মসংস্থাপন দিছে মৃদুলে । উক্ত কৰ্মৰাজিৰ জৰিয়তে নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হোৱা মৃদুলে গাঁৱৰে আন পাচঁজন যুৱকক মাননীৰ বিনিময়ত দিছে কৰ্মসংস্থাপন । মৃদুলৰ আশা ভবিষ্যতে নিজৰ ক্ষুদ্ৰ উদ্যোগটো আৰু সম্পসাৰণ কৰিব ৷ নিজৰ লগতে আৰু সৃষ্টি শিল্পৰ প্ৰতি আগ্ৰহী আৰু যুৱক-যুৱতীক দিব কৰ্মসংস্থাপন ৷

লগতে পঢ়ক :অবৈধ মাৰনাস্ত্ৰৰ সৈতে তেজপুৰত আটক এজন

ABOUT THE AUTHOR

...view details